কাৰ্যালয়ত উৎকােচ লৈ ভিজিলেঞ্চৰ দলক দেখি পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে অভিযানকাৰী দলে

নিউজ ডেস্ক। নিজৰ কাৰ্যালয়ত এজন ব্যৱসায়ীৰ পৰা বনজ সম্পদৰ চােৰাং বেহাৰ বিনিময়ত নগদ ধন ঘােচ লৈ দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ জালত পৰিল এজন দুৰ্নীতি পৰায়ণ বন বিষয়া।

বুধবাৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে উৎকােচ লৈ থকা অৱস্থাত হাতে-লােটে গ্ৰেপ্তাৰ কৰে বন বিষয়াগৰাকীক।

কাছাৰ জিলাৰ লক্ষীপুৰত কৰ্মৰত এই ৰেঞ্জাৰজনৰ নাম দেৱব্ৰত গগৈ বুলি জানিব পৰা গৈছে।

এজন ব্যৱসায়ীৰ পৰা দাবী কৰা ২੦ হাজাৰ টকা উৎকােচ নিজ কাৰ্যালয়ত লােৱাৰ পিছতে তাত উপস্থিত হয় দুৰ্নীতি নিবাৰক অভিযানকাৰী দল।

ভিজিলেঞ্চৰ দলটােক দেখি ৰেঞ্জাৰজনে উৎকোচৰ ধনৰ সৈতে তেওঁৰ কাৰ্যালয়ৰ পৰা পলায়ন কৰে।

ইয়াৰ পিছতে ভিজিলেঞ্চৰ দলে ৰেঞ্জাৰজনক প্ৰায় ১ কিলোমিটাৰ দূৰলৈ খেদি খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই অভিযানৰ কথা টুইট কৰি প্ৰকাশ কৰে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰকৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে।

ধৃত বিষয়াজনক ইতিমধ্যে মাৰাথন জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলটােৱে।

2 thoughts on “কাৰ্যালয়ত উৎকােচ লৈ ভিজিলেঞ্চৰ দলক দেখি পলায়ন কৰা ৰেঞ্জাৰক খেদি খেদি ধৰিলে অভিযানকাৰী দলে”

Comments are closed.