কিলােত ২.৭੦ লাখ টকা মূল্যৰ আমক সুৰক্ষা দিবলৈ ৬ টাকৈ কুকুৰ-৪ নিৰাপত্তাৰক্ষী নিয়ােগ

নিউজ ডেস্ক। এতিয়া আমৰ বতৰ। আম বুলি কলেই যেন সকলোৰে জিভাৰ পানী ওলাই যায়। গছৰ পৰা যেতিয়া পকা আম সৰি পৰে, তেতিয়া সেই আম খোৱাৰ তৃপ্তিয়েই সুকীয়া।

এইবাৰ সেই সোৱাদযুক্ত আমক চুৰৰ পৰা ৰক্ষা কৰিবলৈ এক দম্পতীয়ে ক্ৰয় কৰিলে ৬ টা বিলাতী কুকুৰ। আচৰিত যেন লাগিলেও সেইয়া সঁচা।

মধ্য প্ৰদেশৰ জবলপুৰৰ এক দম্পতীয়ে নিজৰ বাৰীত থকা দুৰ্লভ প্ৰজাতিৰ আমক চোৰৰ পৰা বচাবলৈ ক্ৰয় কৰিলে সেই বিলাতী কুকুৰ। লগতে নিযুক্তি দিলে ৪ জন সুৰক্ষা কৰ্মী।

জানিব পৰা মতে, সেই দম্পতীদ্বয়ৰ নাম হৈছে ৰাণী আৰু সংকল্প পৰিহৰ। তেওঁলোকে নিজৰ বাৰীত ৰুইছিল দুজোপা দুৰ্লভ জাপানী প্ৰজাতিৰ ‘মিয়াজাকি’ আম।

এই ‘মিয়াজাকি’ আম ৰং আৰু সোৱাদৰ দিশৰ পৰা আন আমতকৈ যথেষ্ট পৃথক। যি বিধ আমৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বিগত বৰ্ষত হৈছিল প্ৰতি কিলোত ২.৭০ লাখ টকা।

সেয়েহে এই প্ৰজাতিৰ আমক অতি ব্যয়বহুল আম বুলি কোৱা হয়। কিন্তু যোৱা বছৰ তেওঁলোকৰ সেই আম চোৰে আহি ডাল ভঙাৰ লগতে বহুতো আম চুৰ কৰি লৈ যায়। যাৰ ফলত তেওঁলোকে এই ব্যয়বহুল আমক চোৰৰ পৰা সুৰক্ষিত কৰিবৰ বাবেই ৬ টাকৈ বিলাতী কুকুৰ ক্ৰয় কৰে। আৰু সুৰক্ষা কৰ্মী নিযুক্তি দিয়ে। অৰ্থাৎ সেই আমৰ পহৰাৰ দায়িত্বত থাকিব ৬ টা কুকুৰ আৰু ৪ জন সুৰক্ষা কৰ্মী।

এই সন্দৰ্ভত সংকল্প পৰিহৰে কয়, “ভাৰতত বিৰল প্ৰজাতিৰ এই আম মোৰ ঘৰত আছে বুলি স্থানীয় লোকে জানিব পাৰি যোৱা বছৰ চুৰ কৰিলে। আনকি গছ জোপাও ভাঙিলে। কিন্তু মই যিকোনো প্ৰকাৰে আম গছ ৰাখিবলৈ লাগিব। সেয়েহে এই বিৰল প্ৰজাতিৰ আম সুৰক্ষাৰ বাবে মই এই বছৰ ৪ জন সুৰক্ষা কৰ্মী আৰু ৬ টা কুকুৰক নিয়োগ কৰিছো। এই বিৰল প্ৰজাতিৰ আমক ‘সূৰ্য্যৰ কণী’ বুলিও জনা যায়।”

এই প্ৰজাতিৰ আম অনা সন্দৰ্ভত তেওঁ কয়, “কিছু বছৰ আগত মই কিছুমান গছৰ পুলি আনিবলৈ চেন্নাইলৈ গৈছিলো। তেতিয়া মই ৰেলত এজন ব্যক্তিক লগ পাওঁ। মোৰ গছৰ প্ৰতি প্ৰেম থকা বুলি তেওঁ জানিব পাৰি এই আমৰ দুটা পুলি দিয়ে। পুলি দুটা দি তেওঁ মোক কলে যে এই পুলি দুটাক খুব মৰমেৰে ডাঙৰ কৰিব। নিজৰ কেঁচুৱাক প্ৰতিপালন কৰাৰ দৰে কৰিব। সেই অনুসৰি যোৱা বছৰ আম জোপাৰ ফল পালো। কিন্তু এই আম আন আমতকৈ পৃথক। ইয়াৰ আগৰলৈকে মই আম জোপাৰ সন্দৰ্ভত একো জনা নাছিলো। আনকি এই আম বিধৰ নামো জনা নাছিলো। সেয়েহে আম লগাৰ পিছত মই এই আমৰ নাম মোৰ মাতৃৰ নামত ৰাখিলো। মোৰ মা মাতৃৰ নাম আছিল ডালিমী। পৰৱৰ্তী সময়ত গৱেষণা কৰি নাম পালো যদিও এই আমক মই এতিয়াও ডালিমী আম বুলিয়েই কওঁ।”

পত্নী ৰাণী পৰিহাৰে কয় যে, “এই আমৰ বিষয়ে জানিব পাৰি বহুতো আমৰ কৃষক আৰু ফল প্ৰেমীয়ে আমাৰ লগত যোগাযোগ কৰিছিল। মুম্বাইৰ এজন ব্যৱসায়ীয়ে আমাক প্ৰতিটো আমৰ বাবদ ২১ হাজাৰ টকাকৈ দিম বুলিও কৈছিল। কিন্তু আমি এই আম বিক্ৰী নকৰো বুলি সকলোকে কলো। তাৰ পৰিৱৰ্তে অধিক গছৰ উৎপাদনৰ বাবেহে আমি এই ফল ব্যৱহাৰ কৰিম।”

মধ্য প্ৰদেশৰ উদ্ভিদ বিজ্ঞান বিভাগৰ যুটীয়া সঞ্চালক আৰ এছ কাতাৰাই এই আম পৰিদৰ্শন কৰি কয় যে, “এই আম ভাৰতত দুৰ্লভ। ইয়াৰ উৎপাদন কম হোৱাৰ বাবেই ইয়াৰ দাম বেছি। ইয়াৰ সোৱাদ অতি মিঠা। দেখিবলৈয়ো এই আম পৃথক। বিদেশৰ মানুহে এই আম উপহাৰ হিচাপে দিয়ে। কৃষক সকলৰ মাজত দিয়াৰ পূৰ্বে এই আম পৰীক্ষণ কৰা হব।”

মধ্য প্ৰদেশৰ উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাক্তন সঞ্চালক জি এছ কৌশলে জনোৱা অনুসৰি, “আফগানিস্তানৰ নুৰ জাহান প্ৰজাতিৰ আমৰ পিছত এই জাপানী প্ৰজাতিৰ আমে শিৰোনাম দখল কৰিছে। সেয়েহে মই স্থানীয় বিজ্ঞানী সকলক এই আমৰ গছ আৰু ফল প্ৰকৃত নে হাইব্ৰিডযুক্ত আৰু কিয় ই ইমান ব্যয়বহুল সেই সন্দৰ্ভত পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছো। বিজ্ঞানীয়ে পৰীক্ষণ কৰাৰ পিছতহে এই আম সকলোৱে উৎপাদন কৰাটো উচিত।”

উল্লেখ্য যে, জবলপুৰৰ জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলে এই আমৰ গৱেষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা চিকিৎসকে

Leave a Comment