কিশোৰী প্ৰেয়সীক পলুৱাই নিয়া দেখি পিছে পিছে খেদি গ’ল পৰিয়াল! বাইকৰ স্পীড বঢ়াওতেই দুৰ্ঘটনাত পতিত

কিশোৰী প্ৰেয়সীক পলুৱাই নিয়া দেখি পিছে পিছে খেদি গ’ল পৰিয়াল! বাইকৰ স্পীড বঢ়াওতেই দুৰ্ঘটনাত পতিত

September 19, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ হোষ্টেলৰ পৰা কিশোৰী প্ৰেমিকাক পলুৱাই নিয়াৰ সময়তে বাইক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত প্ৰেমিক।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা ২য় খণ্ডত।

জানিব পৰা মতে, দেওবাৰে নিশা গোৱালপাৰৰ এটা হোষ্টেলৰ পৰা প্ৰেয়সীক বাইকেৰে পলুৱাই নিছিল বৰপেটা জিলাৰ খৰিচালাৰ জুমিৰকুৰ গাঁৱৰ শ্বহিদুল ইছলাম নামৰ যুৱকজনে।

কিন্তু ছোৱালীজনীক পলুৱাই নিয়াৰ কথা জানিব পাৰি কিশোৰীগৰাকীৰৰ পৰিয়ালে যুৱকজনৰ বাইকৰ পিছে পিছে খেদি যোৱাত উপায়ন্তৰ হৈ যুৱকজনে বাইকৰ স্পীড বঢ়াবলৈ বাধ্য হয়।

যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে শ্বহিদুলৰ AS 15 B 9631 নম্বৰৰ বাজাজ ডিস্ক’ভাৰ বাইকখন। দুৰ্ঘটনাৰ ফলত শ্বহিদুল গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে সামান্য পৰিমাণে আঘাত পায় কিশোৰীগৰাকীয়ে।

পিছত স্থানীয় লোকে যুৱকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান যুৱকজনক অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।