কিয় চৰম পন্থা বাছি ল’লে শিখাই? আৰক্ষীৰ তদন্তৰ ফাদিল বিস্ফােৰক তথ্য, দম্পতীক গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ কি কাৰণত চৰম পন্থা হাতত ল’লে শিৱসাগৰ জিলাৰ কালুগাঁও উপ স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী শিখা শইকীয়াই?

কিয় ২৩ জুনৰ নিশা দিখৌৰ বুকুত জঁপিয়াই আত্মহত্যা কৰিছিল এটি কণমানি সন্তানৰ মাতৃ শিখাই?

এই ৰহস্য উদঘাটনৰ বাবে আৰক্ষীয়ে অনুসন্ধান চলাই থকাৰ মাজতে বুধবাৰে নিশা শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক দম্পতীক।

উল্লেখ্য যে শিখাৰ মৃত্যুৰ পিছতে তেওঁৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন চুইছাইড নোট।

সেই নোটখনত লিখা আছিল তেওঁ আত্মহত্যা কৰাৰ কাৰণ।

এহাল দম্পতীৰ দ্বাৰা ৰাজহুৱা অপদস্থৰ বলি হৈ মানসিকভাৱে ভাগি পৰা শিখাই আত্মহত্যাৰ পথ বাচি লোৱা বুলি উল্লেখ কৰিছিল চুইছাইড নোটখনত।

শিৱসাগৰৰ লালীম গাঁৱৰ নিৱাসী নিৰীক্ষিত গগৈ আৰু ডেইজী ৰাভা গগৈ নামৰ দম্পতীহলৰ নাম উল্লেখ আছিল শিখা শইকীয়াৰ চুইছাইড নোটত।

ডেইজী ৰাভা গগৈ

মৃত শিখাৰ এই চুইছাইড নোটৰ ভিত্তিতেই শিৱসাগৰ আৰক্ষীয়ে ৰুজু কৰা ২৬১/২০২২ নম্বৰৰ গোচৰৰ ভিত্তিত নিৰিক্ষীত গগৈ আৰু ডেইজী ৰাভা গগৈক তিনিচুকীয়াৰ এখন বাছৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা দম্পতীৰ ঘৰ শিৱসাগৰৰ লালীম গাঁৱত ।

নীৰিক্ষিত গগৈ

২৪ জুনৰ পৰা পলাতক হৈ থকা নীৰিক্ষিত গগৈ আৰু ডেইজী ৰাভা গগৈক তিনিচুকীয়াৰ পৰা আটক কৰে আৰক্ষীয়ে।

গগৈ দম্পতীকক শিৱসাগৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলােৱাৰ পিছতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে শিখা শইকীয়া চুইচাইড নোটত ডেইজী ৰাভা গগৈৰ নাম লিখি থৈ গৈছিল।

ডেইজী ৰাভা গগৈয়ে ৰাজহুৱাকৈ অপদস্থ কৰাৰ বাবেই আত্মহননৰ পথ বাচি লোৱা বুলি চুইচাইড নোটত লিখি থৈ গৈছিল শিখা শইকীয়াই।

লগতে চাওকঃ

এইখন অসমৰে ঘটনা! শ্ৰেণীকোঠাত ছাত্ৰীক গোলাপ উপহাৰ দি ‘প্ৰেম নিবেদন’ শিক্ষকৰ, তাৰ পিছত…