কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

নিউজ ডেস্ক। মুম্বাইৰ হাইট ৰিজেঞ্চিত অনুষ্ঠিত হৈছিল VLCC Femina Miss India 2020। এইবাৰৰ সংস্কৰণৰ VLCC Femina Miss India 2020 ৰ উপ-বিজেতাৰ মুকুট পৰিধান কৰিলে উত্তৰ প্ৰদেশৰ বাৰানসীৰ মান্যাই। কিন্তু মান্যাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে চকুপানী ওলাব আপোনাৰ।

এগৰাকী অটোৰিক্সা চালকৰ জীয়ৰীৰ এই সাফল্য সঁচাকৈ চিন্তনীয়। বহু কষ্ট আৰু ত্যাগৰ ফচল এই জয়। সফলতা লাভৰ পূৰ্বে তেওঁ কৰা জীৱন সংগ্ৰামে কন্দুৱাইছিল সকলোকে। তেওঁ মঞ্চত কোৱা জীৱন সংগ্ৰামৰ কাহিনীয়ে ভিন্ন জনক যোগাইছিল উৎসাহ আৰু অনুপ্ৰেৰণা। তেওঁ সকলোকে কৈছিল যে প্ৰবল ইচ্ছা শক্তি থাকিলে অসাধ্য একোৱেই হ’ব নোৱাৰে।

অটোৰিক্সা চলাই কন্যাৰ সপোন পূৰণ কৰিছিল দেউতাকে। সেয়েহে শিৰত বিজয়ী মুকুট পৰিধান কৰি দেউতাকক সন্মান দিবলৈ নাপাহৰিলে মান্যাই।

দেউতাকৰ অটোৰিক্সাত উঠি নিজৰ চহৰখন এপাক ঘূৰিলে মান্যাই। যি খবৰে পুলকিত কৰিছে সকলোকে। আনকি মান্যাক সম্বৰ্ধনাৰ বাবে আয়ােজন কৰা অনুষ্ঠানতাে পিতৃৰ অটােৰিক্সাতে উঠি উপস্থিত হ’ল মান্যা।

আনকি অটোৰিক্সাত উঠি তেওঁ এপাক গ’ল নিজৰ কলেজলৈয়ো। সেই ঠাইত দেউতাকৰ সৈতে তেওঁকো সম্বৰ্ধনা জনাই বহুতে।

এনে এটা দিনৰ বাবেই অশেষ কষ্ট কৰিছিল মান্যাৰ মাক-দেউতাক আৰু ভাতৃয়ে। কন্যাৰ বাবে তেওঁলোকে দেখা সেই সপোন পৰিণত হল দিঠকত।

লগতে চাওকঃ

মুখ্যমন্ত্ৰীৰ জন্মদিনত মন্দিৰত দান ২.৫ কিলো ওজনৰ সোণৰ শাড়ী!

পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

২৫ বছৰে মহিলাৰ শ্বাস নলীত থাকিল হুইচেল! অস্ত্ৰােপচাৰ কৰি উলিয়ালে চিকিৎসকে

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

Leave a Comment