কৃতজ্ঞতা! ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্তত সহায় কৰা কুকুৰৰ মূৰ্তি স্থাপন আৰক্ষীৰ

নিউজ ডেস্ক। বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ পাছত তেওঁলােকৰ আবক্ষ মূৰ্তি নাইবা প্ৰতিমূৰ্তি স্থাপন কৰা আপোনালোকে নিশ্চয় দেখিছে। কিন্তু এইবাৰ এক বিশেষ মূৰ্তি স্থাপন কৰা হ’ল মৃত কুকুৰৰ।

কুকুৰ মানে ই কোনো সাধাৰণ কুকুৰ নহয়। অপৰাধীক চিনাক্ত কৰা প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ কুকুৰ। যাৰ ফলত কুকুৰটোৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ আৰক্ষীৰ কাৰ্যালয় চৌহদতে স্থাপন কৰা হ’ল কুকুৰটোৰ মূৰ্তি।

এই কুকুৰটোৰ নাম টিংকী। আৰক্ষীৰ এ এচ পি পদত অধিষ্ঠিত আছিল তিংকী। হয়, উত্তৰ প্ৰদেশৰ মুজাফৰপুৰ আৰক্ষীৰ ড’গ স্কোৱাডৰ এ এচ পি তিংকী।

জাৰ্মান চেফাৰ্ড টিংকীয়ে মূজাফৰপুৰৰ প্ৰায় ৪৯ টা অপৰাধজনিত ঘটনাৰ তদন্ত কৰাত উল্লেখনীয় ভূমিকা লৈছিল। কিন্তু ২০২০ ত মৃত্যু হৈছিল টিংকীৰ।

সেয়েহে তিংকীৰ উল্লেখনীয় কৰ্মৰাজি আজীৱন স্মৰণীয় কৰি ৰাখিবৰ বাবেই মুজাফৰপুৰ আৰক্ষীয়ে নিৰ্মাণ কৰিলে এক প্ৰতিমূৰ্তি।

আই পি এছ বিষয়া অভিষেক যাদৱে ৬ ফেব্ৰুৱাৰীত এই মূৰ্তি টুইটাৰত শ্বেয়াৰ কৰাৰ পিছতেই সকলোৱে প্ৰশংসা কৰিছে বিভাগক।

তেওঁ টুইটাৰত লিখে যে, এ এচ পি তিংকীয়ে মুজাফৰপুৰ আৰক্ষীক ৪৯ টা অপৰাধজনিত ঘটনাত সহায় কৰি তদন্ত প্ৰক্ৰিয়া সফল কৰি তুলিছিল। ২০২০ ত মৃত্যু হৈছিল টিংকীৰ।

থানা চৌহদত স্থাপন কৰা স্নিফাৰ ডগৰ প্ৰতিমূৰ্তি

টিংকীৰ সোঁৱৰণী হিচাপে সুনীল কুমাৰে তেওঁৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াই আৰু আৰক্ষীৰ কাৰ্যালয় চৌহদতে মূৰ্তিটাে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

লগতে চাওকঃ

নিপুণ ‘ড্ৰামাৰ’ৰ ৰূপত ভাৰতীয় সেনাৰ এজন জোৱান! সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

অনলাইনত চ’ফা বিক্ৰী কৰিবলৈ গৈ প্ৰৱঞ্চনাৰ বলি মুখ্যমন্ত্ৰীৰ জীয়ৰী! হেৰুৱালে ৩৪ হাজাৰ টকা

মাওবাদীয়ে মাটিত পুতি থোৱা IED ত ভৰি দি প্ৰাণ গ’ল জোৱানৰ

শিলৰ ফাঁকত আবদ্ধ এমহীয়া হাতী পোৱালিক উদ্ধাৰ ৰাইজ তথা বন বিভাগৰ

Leave a Comment