
কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্যসহ ১৩ বিধায়কে…
May 10, 2021হিমন্ত বিশ্ব শৰ্মাৰ পিছতে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও বিধায়কে।
হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ পিছতে শপত ল’লে অতুল বৰাই।
বৰাৰ পিছতে শপত লয় ইউ জি ব্ৰহ্মই।
শৰ্মাৰ মন্ত্ৰী সভাত ইউপিপিএলৰ একমাত্ৰ প্ৰতিনিধি ব্ৰহ্ম।
বড়ো ভাষাত শপত লয় ব্ৰহ্মই।
অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মন্তইও শপত গ্ৰহণ কৰে।
ইপিনে বৰাকৰ একমাত্ৰ প্ৰতিনিধি হিচাপে শপত ল’লে পৰিমল শুক্লবৈদ্যই।
শুক্লবৈদ্যৰ পিছতে কেবিনেট মন্ত্ৰী ৰূপে শপত লয় চন্দ্ৰ মোহন পাটোৱাৰীয়ে।
মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মোহনে কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে।
কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে ধেমাজিৰ সমষ্টিৰ বিধায়ক ৰণোজ পেগুৱে।
কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহন কৰে সঞ্জয় কিষাণে।
লগতে কেবিনেট মন্ত্ৰী ৰূপে শপত ল’লে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে, পীয়ুষ হাজৰিকাই।
সৰ্বশেষত কেবিনেট মন্ত্ৰী ৰূপে শপত গ্ৰহন কৰে বিমল বৰাই।