কেৱল অধ্যয়নেই নহয়, মনোৰঞ্জনৰ বাবে কাম কৰা উচিতঃ HSLCত শীৰ্ষস্থানপ্ৰাপ্ত ৰক্তোৎপলে ক’লে সাফল্যৰ আঁৰৰ কাহিনী

নিউজ ডেস্কঃ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে শীৰ্ষস্থান দখল কৰি উজ্বলি উঠিল উত্তৰ লখিমপুৰ ছেণ্টমেৰিজ হাইস্কুলৰ ছাত্ৰ ৰক্তোৎপল শইকীয়া।

মুঠ ৫৯৭ নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰম শিখৰত উপনীত হৈছে ৰক্তোৎপল। তেওঁৰ এই সাফল্যত আজি আনন্দৰ বন্যা নামিছে সমগ্ৰ লখিমপুৰত।

সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মনৰ অনুভৱ আজি ব্যক্ত কৰাৰ সুযোগ পাইছে ৰক্তোৎপলে।

UB Photos

তেওঁ জানিবলৈ দিয়া মতে, পৰীক্ষাত তেওঁ শীৰ্ষ ১০টা স্থানৰ ভিতৰত তলৰ ফালৰ পৰা এটা স্থান লাভ কৰাৰ আশা কৰিছিল যদিও প্ৰথম স্থান লাভ কৰাটো তেওঁৰ বাবে অপ্ৰত্যাশিত আছিল।

আজৰি সময়ত ছবি আঁকি, গীত শুনি, চিনেমা চাই ভালপোৱা ৰক্তোৎপলৰ বাবে নাছিল অধ্যয়নৰ কোনো নিৰ্দিষ্ট সময়। বিদ্যালয় আৰু ঘৰুৱা শিক্ষাৰ নিৰ্দিষ্ট সময়খিনিৰ বাহিৰে বাকী সময়ত নিজৰ ইচ্ছা গ’লেহে কিতাপখন হাতত লৈছিল ৰক্তোৎপলে।

সেইবাবেই আজি প্ৰথমবাৰৰ বাবে নিজৰ প্ৰস্তুতি সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি ৰক্তোৎপলে কয় যে কেৱল অধ্যয়নেই নহয়, মনোৰঞ্জনৰ বাবেও কাম কৰা উচিত। কেতিয়াবা অলপ চিনেমা চোৱা উচিত, গীত শুনা উচিত।

আনহাতে পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ প্ৰসংগ পুথি অধ্যয়নৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে ৰক্তোৎপলে। মেধাৱী শিক্ষাৰ্থীজনে কয় যে ইংৰাজী আৰু অসমীয়াৰ ব্যকৰণৰ বাবে প্ৰসংগ পুঠি পঢ়িবলগীয়া হয়। কিন্তু তাৰ বাহিৰে বোৰ্ডে প্ৰকাশ কৰা অন্য বিষয়ৰ পাঠ্যসমূহ ভালদৰে পঢ়িলেই যথেষ্ট হৈ পৰে।

ভৱিষ্যতে বিজ্ঞানৰ সৈতে জড়িত হোৱাৰ ইচ্ছা ব্যক্ত কৰে ৰক্তোৎপলে। তেওঁৰ প্ৰিয় ঔপন্যাসিক ৰীতা চৌধুৰী, প্ৰিয় চিত্ৰকাৰ লিওনাৰ্ড দা ভিন্সি।

ৰক্তোৎপলৰ সাফল্যত আজি গৰ্বিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ লখিমপুৰ বাসী। এই সফলতাৰ বাবে ৰক্তোৎপলে তেওঁ অধয়্যন কৰা ছেণ্টমেৰিজ হাইস্কুল, পিতৃ-মাতৃ, ঘৰুৱা শিক্ষক আৰু পৰিয়ালৰ আনসকল সদস্যক ধন্যবাদ জনায়।