
কোনো গাফিলতি হোৱা নাছিল তেজস্বিতাৰ চিকিৎসাত! শিশু শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান বিধায়ক দিগন্ত কলিতাৰ…
October 6, 2022নিউজ ডেস্কঃ প্ৰতিভাৱান শিশুশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুক লৈ এইবাৰ প্ৰতিক্ৰিয়া শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাৰ।
ভুল চিকিৎসাৰ বাবেই তেজস্বিতাৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দিগন্ত কলিতাই।
তেজস্বিতাৰ চিকিৎসাত কোনো ধৰণৰ গাফিলতি হোৱা নাই বুলি মন্তব্য বিধায়কজনৰ।
হাস্পতালখনৰ সকলো চিকিৎসক পিজি হোৱাৰ লগতে তেজস্বিতাক যিমানখিনি চিকিৎসা প্ৰদান কৰিবলগা আছিল সকলো খিনি কৰা হৈছিল বুলি মন্তব্য দিগন্ত কলিতাৰ।
তেওঁ কয় যে চিকিৎসকে ইচ্ছা কৰি কেতিয়াও ৰোগীক মৃত্যুৰ মুখলৈ ঠেলি নিদিয়ে।
তেজস্বিতাৰ পূৰ্বে এপিলেপচিও আছিল বুলি মন্তব্য বিজেপি বিধায়কজনৰ।
আনহাতে কিশোৰীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি হ’ব নালাগে বুলিও আহ্বান জনালে বিধায়ক দিগন্ত কলিতাই।
[…] […]