ক্ষমতাৰ অপব্যৱহাৰ! পুনৰ নিলম্বিত হ’ল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া…

ক্ষমতাৰ অপব্যৱহাৰ! পুনৰ নিলম্বিত হ’ল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া…

October 1, 2022 Off By NEWS DESK

নিউজ ডেস্ক। উৎকােচ, কৰ্তব্যত গাফিলতি, স্বেচ্ছাচাৰিতা আদি বিভিন্ন অভিযােগত আৰক্ষী প্ৰশাসনত ৰােষত পৰিছে ইজনৰ-পিছত সিজন আৰক্ষী বিষয়া।

এইবাৰ ক্ষমতাৰ অপব্যৱহাৰৰ অভিযােগত নিলম্বিত কৰা হ’ল দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক।

এই বিষয়াগৰাকীৰ নাম হৈছে নিতাই চন্দ্ৰ ৰয়।

ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে আৰক্ষীৰ অনুশাসন ভংগৰ অভিযোগ উঠাৰ পিছতে জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বিত কৰা হয় আৰক্ষী বিষয়া নিতাই চন্দ্ৰ ৰয়ক।

উল্লেখ্য ধূলা থানাৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াক ইয়াৰ পূৰ্বেও কৰ্তব্যত গাফিলতিৰ অভিযােগত নিলম্বন কৰা হৈছিল।