ক্ৰমাৎ সুস্থ হৈছে আনন্দ! লাহে লাহে উঠিছে, বহিছে, খোজো কাঢ়িছে…

নিউজ ডেস্কঃ লাহে লাহে সুস্থ হৈছে আনন্দ শৰ্মা।

দীৰ্ঘদিন ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা আনন্দই এতিয়া লাহে লাহে উঠিছে, বহিছে, আনৰ সহায় লৈ খোজ কাঢ়িছে।

দৃঢ় মনৰ আনন্দৰ মানসিক শক্তি দেখি স্তম্ভিত হৈ পৰিছে চিকিৎসকসকলো।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত সংঘটিত ৰেংগি কাণ্ডৰ ভুক্তভোগী আছিল আনন্দ শৰ্মা।

একাংশ জ্যেষ্ঠ ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ ৰেগিঙৰ পৰা পৰিত্ৰাণ পাবলৈ ছাত্ৰাবাসৰ দুমহলাৰ পৰা জঁপিয়াইছিল আনন্দই।

তাৰ পিছতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজন চিকিৎসাধীন হৈ আছিল ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত।

দুদিন পূৰ্বে সফলতাৰে সম্পন্নও হৈছিল আনন্দৰ শৰীৰৰ অস্ত্ৰোপচাৰ।

বিশেষজ্ঞ চিকিৎসকে সম্পন্ন কৰা অস্ত্ৰোপচাৰৰ পিছতে ক্ৰমাৎ সুস্থ হৈ উঠিছে আনন্দ শৰ্মা।

শনিবাৰৰ দিনটোত আনন্দত বিচনাত বহাই নহয়, চিকিৎসক আৰু সহায়কাৰীৰ সহায় লৈ কিছু খোজো কাঢ়ে।

আনন্দ সুস্থ হোৱাৰ বাতৰিয়ে এতিয়া সুখী কৰিছে ৰাজ্যবাসীক।

ইফালে আনন্দৰ ৰেগিং কাণ্ডৰে জড়িত কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

কুৰিৰো অধিক ছাত্ৰক বহিস্কাৰ কৰা হৈছে বিশ্ববিদ্যালয়ৰ পৰা।

অৱশ্যে এই ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰী বৰ্তমানো আৰক্ষীৰ হাতত লগা নাই।