ৰাজ্যত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।
সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2021/05/95-1.jpg?resize=889%2C458&ssl=1)
ইতিমধ্যে কৰ’ণাত আক্ৰান্ত হৈ অসমৰ বহু বিশিষ্ট ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে চিকিৎসাধীন হৈ আছে বহুজন।
এইবাৰ কৰ’ণাত আক্ৰান্ত হৈছে ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা তথা ট্ৰেজে়ডী কিং খ্যাত মৃদুল ভূঞা।
চ’ছিয়েল মিডিয়াযোগে নিজেই কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে শিল্পী গৰাকীয়ে।
![May be a close-up of 1 person and beard](https://scontent.fjrh1-1.fna.fbcdn.net/v/t1.6435-9/p843x403/159540213_282102166620780_4694079276449030591_n.jpg?_nc_cat=108&ccb=1-3&_nc_sid=8bfeb9&_nc_ohc=ySGjAiYVeIwAX9mby8P&_nc_ht=scontent.fjrh1-1.fna&tp=6&oh=089eac94504d660306a187adecf880de&oe=60B18425)
দুদিনমান পূৰ্বে কৰ’ণাত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত আছিল শিল্পীগৰাকী।
কিন্তু সম্প্ৰতি হাস্পতালত ভৰ্তি কৰোৱ হৈছে শিল্পীগৰাকীক।
বহুত সাৱধানে থাকিও অৱশেষত মই ক’ভিড-১৯ ত আক্ৰান্ত হলো । কভিড-১৯ অৰ দ্বিতীয় ঢৌ অতি ভয়ংকৰ বুলি ডাক্তৰ সকলে কৈ আহিছে ।…
Posted by Mridul Bhuyan মৃদুল ভূঞা on Friday, 30 April 2021