কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তথা গিটাৰিষ্ট ত্ৰিদীপ চৌধুৰীৰ…

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।

কৰ’ণাই প্ৰাণ ল’লে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী তথা গিটাৰিষ্ট ত্ৰিদীপ চৌধুৰীৰ।

গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে চৌধুৰীয়ে।

উল্লেখ্য যে, অসমৰ বাহিৰলৈ গৈছিল ত্ৰিদীপ চৌধুৰী। উভতি অহাৰ পিছতে কৰ’ণাত আক্ৰান্ত হৈছিল চৌধুৰী।

প্ৰথমে বঙাইগাওঁৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল শিল্পী গৰাকীক।

তাৰ পিছতে উন্নত চিকিৎসাৰ বাবে শিল্পী গৰাকীক লৈ অহা হৈছিল গুৱাহাটীলৈ।

শেহতীয়াকৈ ক’ভিড নিগেটিভ হৈছিল ত্ৰিদীপ চৌধুৰীৰ।

Leave a Comment