
কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ
May 1, 2021দেশজুৰি অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।
সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈ আছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।
কৰ’ণাই প্ৰাণ ল’লে বিশিষ্ট সংগীতশিল্পী তথা অধ্যাপিকা ড০ বিজয়লক্ষ্মী দাসৰ।
গুৱাহাটীস্থিত ‘হায়াট হাস্পতাল’লৈ নিয়াৰ পথতে মৃত্যুক আঁকোৱালি লয় বিজয়লক্ষ্মী দাসে।
জানিব পৰা মতে শিল্পী তথা ‘পশ্চিম গুৱাহাটী মহাবিদ্যালয়’ৰ অধ্যাপিকাগৰাকীয়ে বিগত চাৰিদিন ধৰি জ্বৰত ভুগি আছিল।
২০২০ বৰ্ষত কৰ’না মহামাৰীক লৈ এটি গীত ৰচনা কৰি কণ্ঠয়ো নিগৰাইছিল বিজয়লক্ষ্মী দাসে।
অসমীয়া ছবি ‘সৰু বোৱাৰী’ৰ লগতে আৰু ‘ৰাজশ্ৰী থিয়েটাৰ’ত কেইবাবছৰ ধৰি সংগীত পৰিচালনা কৰিছিল বিজয়লক্ষ্মী দাসে।
ড° বিজয়লক্ষ্মীৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৮বছৰ।
বিশিষ্ট সংগীত শিল্পীগৰাকীৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী।