কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু দিল্লীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ

দেশজুৰি কৰ’ণা ভাইৰাছে ধাৰণ কৰিছে মাৰাত্মক ৰূপ।

সংক্ৰমণৰ সমান্তৰালকৈ দেশত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে দিল্লীত কৰ্মৰত জ্যেষ্ঠ অসমীয়া মহিলা সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যই।

দিল্লীৰ প্ৰতীক্ষা হাস্পতালত মৃত্যু হয় সাংবাদিক নিলাক্ষী ভট্টাচাৰ্য্যৰ।

নিলাক্ষী ভট্টাচাৰ্য্য পৰ্বতাৰোহী ৰূপেও সমাদৃত হৈছিল। তেওঁ হিমালয়ৰ বিভিন্ন প্ৰান্তলৈ পৰ্বতাৰোহনৰ কেইবাটাও অভিযানত অংশ লৈছিল।

নীলাক্ষীয়ে স্বামী কল্যাণ বৰুৱা আৰু স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি থকা একমাত্ৰ কন্যাক এৰি থৈ গৈছে।

জানিব পৰা মতে টাইমছ অফ ইণ্ডিয়া গ্ৰুপত কৰ্মৰত নিলাক্ষীৰ স্বামী কল্যান বৰুৱাও ক’ভিডত আক্ৰান্ত।

কল্যাণ বৰুৱা আসাম ট্ৰিবিউন কাকতৰ দিল্লীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সাংবাদিক।

Leave a Comment