ক’ৰোনাক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি

ক’ৰোনাক জয় কৰি ঘৰলৈ উভতিল বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞি

May 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে এক ভাল খবৰ।

ক’ভিডক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল বিশিষ্ট সাংবাদিক, সাহিত্যিক, চিন্তাবিদ হােমেন বৰগােহাঞি।

শুকুৰবাৰে তেওঁৰ ক’ভিডৰ পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহে। ইয়াৰ পাছতে জিএমচিএইছৰ পৰা তেওঁক অব্যাহতি দিয়া। শনিবাৰে তেওঁ চিকিৎসালয়ৰ পৰা স্বগৃহত উপস্থিত হয়।

উল্লেখ্য যে যােৱা ২৪ এপ্ৰিলত তেওঁক ক’ভিড পজিটিভ হিচাপে চিনাক্ত কৰা হৈছিল।

হাস্পতালৰ পৰা বাসগৃহত উপস্থিত হােমেন বৰগােহাঞি

ইয়াৰ পাছতে শৰীৰত ক’ভিডৰ মৃদু লক্ষণ থকাৰ বাবে তেওঁক জিএমচিএইছত ভৰ্তি কৰা হয়।

জানিব পৰা মতে, তেওঁ ক’ভিড প্ৰতিষেধকৰ দুয়ােটা পালিয়েই লৈছিল।