
কৰ্কট ৰোগৰ বিৰুদ্ধে পত্নীৰ যুঁজৰ বিষয়ে সামাজিক মাধ্যমত আৱেগিক পোষ্ট স্বামীৰ, অনুপ্ৰাণিত হাজাৰজন…
August 20, 2022নিউজ ডেস্কঃ কৰ্কট ৰোগে সমগ্ৰ বিশ্বতে ধৰিছে আগ্ৰাসী ৰূপ। নিতৌ হাজাৰ হাজাৰ নতুন নতুন এনে ৰোগী সন্মুখলৈ আহি পৰে।
কেৱল চিকিৎসাই নহয়, কৰ্কটৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰয়োজন হয় যথেষ্ট সাহস আৰু পৰিয়ালৰ সদস্য, বন্ধুবৰ্গ তথা সকলোৰে সমৰ্থনৰ।
শেহতীয়াকৈ পাকিস্তানৰ এজন লিংকডইন ব্যৱহাৰকাৰীয়ে তেওঁৰ পত্নীৰ কৰ্কট ৰোগৰ সৈতে যুঁজ আৰু তাৰ মাজতো কেনেদৰে নিজৰ চাকৰিৰ লগতে ব্যৱসায়ৰ কাম চলাই আছে তাৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে।
এই পোষ্টটোৱে এতিয়া অন্যান্য ব্যৱহাৰকাৰী সকলৰ পৰা লাভ কৰিছে সমাদৰ।
বাবৰ শ্বেইখ নামৰ এই লোকজনে চলিত বছৰৰে জানুৱাৰীত তেওঁৰ পত্নী জাহৰা খানৰ কেনেদৰে এক অত্যন্ত মাৰাত্মক স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল সেই বিষয়ে উল্লেখ কৰিছিল।

তেওঁ পোষ্টটোত কিদৰে ৬ মাহৰ কেমো থেৰাপীৰ পিছত পত্নীৰ চুলি সৰিছিল, কেমো চেছনৰ পিছত অনুভৱ কৰা তীব্ৰ ভাগৰ, খাদ্যৰ সোৱাদ হেৰুওৱা আৰু সাধাৰণ ভাগৰ আৰু অলসতাৰ বিষয়েও আলোকপাত কৰিছে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইমানৰ পিছতো তেওঁৰ পত্নীয়ে এই মাৰাত্মক ৰোগৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আছে। তেওঁ চাকৰি অব্যাহত ৰখাৰ উপৰিও নিজৰ চিজ কেকৰ ব্যৱসায় সকলোবোৰ সমান্তৰালকৈ চলাই গৈছে।
বাবৰে লগতে কেনেদৰে তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু তেওঁলোকৰ সহকৰ্মীৰ সহায়ে তেওঁলোকক সকাহ দিছিল তাৰ কথাও উল্লেখ কৰে আৱেগিক পোষ্টটোত।
বাবৰ শ্বেইখে পোষ্টটোত তেওঁৰ আৰু তেওঁৰ পত্নীৰ পাৰ হৈ অহা কঠিন সময়ৰ ফটোও শ্বেয়াৰ কৰে। এই প’ষ্টটোৱে হজাৰ হাজাৰ লাইক আৰু মন্তব্য লাভ কৰিছে।
বাবৰ আৰু জাহৰাৰ কৰ্কট ৰোগৰ বিৰুদ্ধে এনে অনুপ্ৰেৰণাদায়ক যুঁজৰ কাহিনীয়ে এতিয়া অনুপ্ৰাণিত কৰিছে বহুতো সামাজিক মাধ্যম ব্যৱহাৰকাৰীক।
সকলোৱে দুয়োকে জীৱনৰ সমস্ত সুখ লাভ কৰিবলৈ আৰ্শীবাদ তথা শুভেচ্ছা জ্ঞাপন কৰিছে।
লগতে চাওকঃ
বিয়াৰ ৩ মাহ পিছতে মধুচন্দ্ৰিকা যাপনৰ বাবে গৈ ঘৰলৈ ঘূৰি নাহিল ৰোহিত-মানসী! যাত্ৰা পথতে ঘটিল এই অঘটন…

[…] […]