
কৰ্তব্যত গাফিলতি! মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশত নিলম্বন কৰা হ’ল ডিমৌৰ জলসম্পদ বিভাগৰ ৬ গৰাকী অভিযন্তাক…
September 8, 2022নিউজ ডেস্কঃ কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে ডিমৌৰ জলসম্পদ বিভাগৰ ৬ অভিযন্তাক।
বৃহস্পতিবাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশ মৰ্মে নিলম্বন কৰা হয় অভিযন্তা কেইগৰাকীক।
জানিব পৰা মতে, বালিৰ বেগৰ ভিতৰত খালী বেগ ভৰোৱাৰ অভিযোগত নিলম্বন কৰা হয় অভিযন্তা কেইগৰাকীক।
কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে ডিমৌ মহকুমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীনেশ বুঢ়াগোহাঁই, শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা তৰুণ সোণোৱালক।
একে কাৰণতে উপ-অভিযন্তা তৰুণ বৰগোহাঁই, শাখা সহায়ক ধ্ৰুৱজ্যোতি চেতিয়াৰ লগতে নিম্নবৰ্গৰ কৰ্মচাৰী অতুল গগৈ আৰু মাণিক কোঁৱৰকো নিলম্বনৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।