কৰ্মৰত অৱস্থাতে অইল ইণ্ডিয়াৰ কৰ্মচাৰী বিকাশ গগৈৰ মৃত্যু

কৰ্মৰত অৱস্থাতে মৃত্যু GCSত কৰ্মৰত অইল ইণ্ডিয়াৰ কৰ্মচাৰীৰ।

OILৰ টেঙাখাতস্থিত কঠালনি GCSত কৰ্মৰত অৱস্থাতে সংঘটিত এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, কৰ্মস্থলীৰ শৌচাগাৰত পৰি গুৰুতৰভাৱে আহত হৈছিল OILৰ কৰ্মচাৰী বিকাশ গগৈ।

সহকৰ্মীসকলে লগে লগে কৰ্মচাৰী গৰাকীক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

নিহত কৰ্মচাৰী বিকাশ গগৈ দুলীয়াজানৰ অইল আৱাসিক অঞ্চলৰ ‘A’ টাইপ ৩৫৭ আবাসগৃহৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।

কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।