খাকী পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ, SP ছাৰে ল’লে এই ব্যৱস্থা…

খাকী পোছাকত পাৰ্লাৰত বহি যুৱতীৰ দ্বাৰা লৈ মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ, SP ছাৰে ল’লে এই ব্যৱস্থা…

August 27, 2022 Off By NEWS DESK

নিউজ ডেস্ক। খাকী পােছাকত বিউটি পাৰ্লাৰত বহি মালিচ লৈ বিপদত পৰিল অ’চি ছাৰ!

যুৱতীয়ে আৰক্ষী বিষয়াগৰাকীৰ চেহেৰাত মাছাজ দি থকা অৱস্থাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে উৰ্ধতন বিষয়াৰ ৰােষত পৰিল অ’চি ছাৰ।

আৰক্ষীৰ উৰ্ধতন মহিলে এই কাৰ্যৰ বাবে নিলম্বন কৰিলে আৰক্ষী বিষয়াগৰাকীক

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ।

প্ৰয়াগ ৰাজৰ চিভিল লাইন থানাৰ সুভাষ চ’কত অৱস্থিত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাকেশ চন্দ্ৰ শৰ্মা সন্মুখীন হ’ল বিভাগীয় শাস্তিৰ।

এছএছপি শৈলেশ কুমাৰ পাণ্ডেয়ে নিলম্বন কৰে ৰাকেশ চন্দ্ৰক।

ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে নিজেই চিভিল লাইনৰ এখন মাছাজ পাৰ্লাৰত বহি আছে আৰক্ষী বিষয়াগৰাকী। সেই সময়ত এগৰাকী যুৱতীয়ে তেওঁৰ মুখত মালিচ দি থকাও দেখা পোৱা গৈছে।

পাৰ্লাৰত এটি গীতো মৃদু স্বৰত বাজি আছে। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকীয়ে মুখত ক্ৰিম লগাই তৃপ্তিত চকু মুদি আছিল।

ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে এছএছপি শৈলেশ কুমাৰ পাণ্ডেয়ে মহানগৰ আৰক্ষী অধীক্ষক সন্তোষ কুমাৰ মীনাক ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে সন্ধিয়া মহানগৰ আৰক্ষী অধীক্ষকগৰাকীৰ প্ৰতিবেদনৰ ভিত্তিত এছএছপিয়ে নিলম্বন কৰে ৰাকেশ শৰ্মাক।