নিউজ ডেস্ক। পুনৰ অসম আৰক্ষীৰ খাকী পােছাকত লাগিল কালিমা।
ভুৱা গােচৰৰ জৰিয়তে দুজন চৰকাৰী চাকৰিয়ালৰ পৰা ৫ লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।
এই বিষয়াগৰাকীৰ নাম উৎপল বৰা।
তেওঁ সম্প্ৰতি খাৰুপেটিয়া থানাৰ ভাৰাপ্রাপ্ত বিষয়া হিচাপে কৰ্মৰত হৈ আছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-37.png?resize=414%2C400&ssl=1)
অভিযােগ অনুসৰি, ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৈ থাকোতে জল জীৱন মিছনৰ পাইপ চুৰি সন্দৰ্ভত ৰুস্তম আলী আৰু আনদা আলী নামৰ দুজন চৰকাৰী চিকিৎসক আৰু শিক্ষকৰ বিৰুদ্ধে ভুৱা গােচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিছিল।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-38.png?resize=565%2C454&ssl=1)
ইয়াৰ পিছতে মধ্যভােগীৰ জৰিয়তে গােচৰৰ পৰা ৰেহাই দিয়াৰ বিনিময়ত ৫ লাখ টকা দাবী কৰিছিল অ’চি উৎপল বৰাই।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-36.png?resize=768%2C512&ssl=1)
এই বিষয়ে উৰ্ধতন কৰ্তৃপক্ষই অভিযােগ পােৱাৰ পিছতে বিভাগীয় তদন্তত সত্য প্ৰমাণিত হয় এই অভিযােগ।
ইয়াৰ পিছতে অ’চি উৎপল বৰাক গ্ৰেপ্তাৰ কৰা হয়।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-34.png?resize=336%2C352&ssl=1)
বৰ্তমানে বিষয়াগৰাকীক দৰং জিলাৰ সদৰ থানাত ৰখা হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অচিৰেই জিলা আৰক্ষীয়ে আনুষ্ঠানিকাভাৱে তথ্য প্ৰকাশ কৰিব।
উল্লেখ্য, অ’চি বৰাৰ বিৰুদ্ধে মাটিৰ দালালৰ লগত হলিগলি থকাৰো অভিযোগ আছে। আনহাতে, তেওঁ দুবাৰকৈ বিদেশ ভ্ৰমণো কৰিছে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/image-35.png?resize=640%2C352&ssl=1)
তেওঁৰ বিলাসী গাড়ী থকাৰ লগতে অগাধ সম্পত্তিৰ গৰাকী বুলিও অভিযোগ একাংশৰ।
ইতিমধ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
প্ৰশ্ন হৈছে সৰ্বসাধাৰণক সুৰক্ষাৰ দায়িত্বত নিয়োজিত এগৰাকী আৰক্ষী বিষয়াৰ পৰা ৰাইজে কেনেদৰে নিজৰ সুৰক্ষা তথা ন্যায় আশা কৰিব পাৰে?
লগতে চাওকঃ
চিৰ বিদায় ল’লে অসমৰ উদীয়মান নৃত্য শিল্পী চন্দনাই…
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/G3-5.jpg?resize=889%2C458&ssl=1)
বিদেশত ঘনে-ঘনে প্ৰমােদ ভ্ৰমণ, ৰাজকীয় জীৱন! ৰঙাঘৰৰ আলহী হােৱা OC উৎপল বৰাৰ বিলাসী জীৱনৰ ৰহস্য কি?
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/07/G4-7.jpg?resize=889%2C458&ssl=1)