‘গণিত গুৰু’ জনপ্ৰিয় শিক্ষক ‘বি জি’ ছাৰৰ পথ দুৰ্ঘটনাত শােকাৱহ মৃত্যু

নিউজ ডেস্ক। গ্ৰীষ্মৰ পৰা সাময়িক পৰিত্ৰাণ বিচাৰি কৰ্মব্যস্ততাৰ পৰা কেইদিনমানৰ বাবে বিৰতি লৈ তেওঁ যাত্ৰা কৰিছিল শ্বিলঙলৈ। লগত আছিল এজন প্ৰাক্তন ছাত্ৰও।

কিন্তু এই যাত্ৰাই যে হৈ পৰিল তেওঁৰ জীৱনৰ শেষ যাত্ৰা।

শ্বিলঙলৈ যােৱাৰ পথতে নিজে চলাই যােৱা মাৰুতি ৮੦੦ বাহনৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে গণিতৰ জনপ্ৰিয় শিক্ষক তথা শিলচৰ নিবাসী বিশ্বজিৎ ঘোষ ওৰফে বি জি ছাৰে।

জানিব পৰা মতে, শুকুৰবাৰে বিয়লি শ্বিলঙলৈ যোৱাৰ পথত জােৱাইৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হয় তেওঁৰ মাৰুতি গাড়ীখনৰ।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বিশ্বজিৎ ঘােষক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে তেওঁক প্ৰাণৰক্ষা কৰিব নােৱাৰিলে।

প্ৰিয় শিক্ষক গৰাকীৰ সৈতে একেখন গাড়ীতে থকা প্ৰাক্তন ছাত্ৰ অমন বাঞ্চালেও এই দুৰ্ঘটনাত আহয় হয়, যদিও সম্প্ৰতি বিপদমুক্ত।

জোৱাইৰ হাস্পতালত মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁ মৃতদেহটো শিলচৰলৈ লৈ যােৱা হৈছে।

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীৰ মাজত অতি জনপ্ৰিয় ‘বিশ্বজিৎ ছাৰ’ৰ বয়স আছিল মাত্ৰ ৫২ বছৰ।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়।

উল্লেখযোগ্য যে নিহত বিশ্বজিৎ ঘোষ ৰামানুজ গুপ্তা জুনিয়ৰ কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল।

তেওঁ প্ৰতিষ্ঠানটোৰ পৰিকল্পনা পৰ্যায়ৰ পৰাই জড়িত হৈ আছিল।

বৰাক উপত্যকাৰ এজন প্ৰখ্যাত গণিত শিক্ষক ঘোষ সকলোৰে মাজত বি জি চাৰ বুলি জনপ্ৰিয় আছিল ।

মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী, পুত্ৰ, পৰিয়ালৰ অন্যান্য সদস্য তথা তেওঁৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী আৰু গুণমুগ্ধক এৰি থৈ গৈছে।

লগতে চাওকঃ

ক’ভিড-১৯ ৰ সংক্ৰমণত আৰক্ষী বিষয়া মনােৰঞ্জন ফুকনৰ মৃত্যু