গাখীৰ বিক্ৰীৰ বাবে এজন ‘খেতিয়কে’ ক্ৰয় কৰিলে ৩੦ কােটিৰ হেলিকপ্টাৰ!

নিউজ ডেস্ক। আপুনি চাগে এখন বিলাসী গাড়ী ক্ৰয় কৰাৰ সপোন প্ৰায়ে দেখে। গাড়ীখন কিনিবলৈয়ো চাগে আপুনি যথেষ্ট কষ্ট কৰিছে। কিন্তু এইবাৰ এজন ব্যক্তিয়ে নিজৰ যাতায়তৰ সুবিধাৰ বাবে ক্ৰয় কৰি ললে এখন হেলিকপ্টাৰ।

ব্যক্তিজন প্ৰকৃততে কোনো নেতা-মন্ত্ৰী নহয়। তেওঁ এজন খেতিয়কহে। কিন্তু তথাপিও ক্ৰয় কৰিলে হেলিকপ্টাৰ। আপুনি চাগে এইয়া সঁচা নহয় বুলি ভাবিছে। কিন্তু এইয়া সঁচা কথা।

মহাৰাষ্ট্ৰৰ ভিৱান্দীৰ এজন খেতিয়কে ক্ৰয় কৰিলে হেলিকপ্টাৰখন।
খেতিয়ক জনৰ নাম জনাৰ্দন ভৈৰ। খেতিয়ক হোৱাৰ লগতে তেওঁ এজন ব্যৱসায়ী তথা উদ্যোগপতিয়ো। তেওঁৰ আছে বিশাল পৰিসৰৰ দুগ্ধ ব্যৱসায়।

ব্যৱসায়ৰ কামত তেওঁ প্ৰায়ে ঘূৰি ফুৰিব লাগে দেশৰ বিভিন্ন ঠাই। কিন্তু যাতায়তৰ সময়ত তেওঁ যথেষ্ট সময় খৰচ কৰিব লগীয়া হোৱাৰ বাবে এজন বন্ধুৰ পৰামৰ্শ অনুসৰি ক্ৰয় কৰি পেলালে ৩০ কোটি টকীয়া এক হেলিকপ্টাৰ।

সাংবাদিকৰ আগত মন্তব্য কৰি তেওঁ কয় যে, ব্যৱসায়ৰ স্বাৰ্থত তেওঁ সঘনে যাব লগা হয় পাঞ্জাৱ, হাৰিয়ানা, গুজৰাট, ৰাজস্থান আদি ঠাই। কিন্তু বহুতো চহৰত বিমানবন্দৰ নথকাৰ বাবে যাতায়তৰ বাবে তেওঁৰ যথেষ্ট সময় নষ্ট হয়। কৰিবলগীয়া হয় ঘণ্টা ঘণ্টা জোৰা দীঘলীয়া যাত্ৰা। সেয়েহে ক্ৰয় কৰিলে হেলিকপ্টাৰখন।

নতুনকৈ ক্ৰয় কৰা হেলিকপ্টাৰৰ সৈতে কৃষক জনাৰ্দন ভৈৰ

দেওবাৰে এই হেলিকপ্টাৰখন পৰীক্ষণৰ বাবে প্ৰেৰণ কৰে ব্যক্তিজনৰ গাৱঁলৈ। আৰু পৰীক্ষণৰ সময়ত তেওঁ হেলিকপ্টাৰ খনত উঠিবলৈ দিয়ে স্থানীয় গাওঁ পঞ্চায়তৰ সদস্য জনক।

অহা ১৫ মাৰ্চত ব্যক্তিজনক হেলিকপ্টাৰখন গতাই দিব কৰ্তৃপক্ষই। সেয়েহে ব্যক্তিজনে বৰ্তমান তেওঁৰ ঘৰৰ ২.৫ একৰ মাটিত দেৱাল নিৰ্মাণ কৰি এক হেলিপেড নিৰ্মাণ কৰিছে। লগতে নিৰ্মাণ কৰিছে পাইলট ৰূম আৰু কৰ্মচাৰী ৰূম।

লগতে চাওকঃ

পেট্ৰ’ল পাম্পৰ সন্মুখত দুহাতত বেট্ আৰু হেলমেট্ লৈ প্ৰতিবাদ যুৱকৰ!

জনপ্ৰিয়তা বাঢ়িব, তথাপিও মুখ্যমন্ত্ৰীৰ আসনত বহিব নােৱাৰিব ডঃ হিমন্ত বিশ্ব শৰ্মা!

দুষ্প্ৰাপ্য প্ৰজাতিৰ গৰু পোৱালিৰ দৃশ্যই মোহিছে সকলোকে, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

কৃতজ্ঞতা! পিতৃৰ অটোৰিক্সাত উঠি সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’লে সুন্দৰী মান্যাই

Leave a Comment