গান্ধীবাদী আদৰ্শত জীৱন সমৰ্পণ কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান

গান্ধীবাদী আদৰ্শত জীৱন সমৰ্পণ কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেহাৱসান

February 21, 2022 0 By NEWS DESK

গান্ধীবাদী আদৰ্শৰে গোটেই জীৱন অতিবাহিত কৰা পদ্মশ্ৰী শকুন্তলা চৌধুৰী আৰু নাই!

দেওবাৰে নিশা প্ৰায় ১০-৩০ বজাত মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰবা আশ্ৰমত শেষ নিশ্বাস ত্যাগ কৰে সমাজ সেৱাৰ বাবে সমগ্ৰ জীৱন উচৰ্গা কৰা শকুন্তলা চৌধুৰীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০২ বছৰ।

সুদীৰ্ঘ প্ৰায় সাতটা দশক গান্ধীবাদী আদৰ্শৰে আশ্ৰমবাসিনী হৈ সমাজ সেৱা আগবঢ়াই অহা শকুন্তলা চৌধুৰীক চলিত বৰ্ষৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

১৯৪৬ চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়তে তেওঁৰ দ্বাৰা প্ৰভাৱিত হৈ গান্ধীবাদী আদৰ্শক জীৱনৰ সমল হিচাপে গ্ৰহণ কৰা শকুন্তলা চৌধুৰীয়ে একনিষ্ঠাৰে সমাজৰ হৈ কাম কৰি আহিছিল।

বিভিন্ন দুৰ্যোগৰ সময়ত সন্মুখৰ শাৰীত থিয় হৈ নেতৃত্ব দিয়া এইগৰাকী সাহসী মহিলা যোৱা দুদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰাৰ পিছতে দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।

শকুন্তলা চৌধুৰীৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰবীণ গান্ধীবাদী নেত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।