গােচৰ ৰুজু নকৰাৰ বিনিময়ত ৪੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল

গােচৰ ৰুজু নকৰাৰ বিনিময়ত ৪੦ হাজাৰ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ আবকাৰীৰ কনিষ্টবল

October 10, 2022 Off By NEWS DESK

নিউজ ডেস্ক। চৰকাৰী কাৰ্যলয়সমূহত নিতৌ অব্যাহত আছে ভিজিলেন্সৰ অভিযান।

অৱশ্যে এনে অভিযানৰ পাছতাে সহজ ধনৰ মােহ এৰিব নাই একাংশ চৰকাৰী কৰ্মচাৰীয়ে।

এনে সহজ ধন ঘটিবলৈ গৈয়ে পুনৰ ভিজিলেন্সৰ হাতত ধৰা পৰিল ওদালগুৰিৰ আবকাৰী বিভাগৰ এগৰাকী কনিষ্টবল।

এই কনিষ্টবলগৰাকীৰ নাম তৰুণ বসুমতাৰী।

জানিব পৰা মতে, এজন ভুক্তভােগীৰ পৰা আবকাৰী আইন উলংঘনৰ গােচৰ ৰুজু নকৰাৰ বাবদ ৪੦ হাজাৰ টকা দাবী কৰিছিল ধৃত কনিষ্টবলগৰাকীয়ে।

দাবী কৰা ধন গ্ৰহণ কৰাৰ মুহূৰ্ততে পূৰ্বৰে পৰা খাপ পিটি থকা ভিজিলেন্সৰ দলে নগদ ৪੦ হাজাৰ টকাসহ গ্ৰেপ্তাৰ কৰে ঘােচখােৰ কনিষ্টবল তৰুণ বসুমতাৰীক।

এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে।