গুগল্ মেপৰ বিকল্প! দেশতে তৈয়াৰ হ’ব প্ৰথমটো থলুৱা মেপিং পৰ্টেল

নিউজ ডেস্ক। অৱস্থিতি আৰু যাতায়াত সেৱা প্ৰদান পৰ্টেল MapmyIndia ই ISRO ৰ সৈতে ঘোষণা কৰিছে এক যুটীয়া পদক্ষেপৰ কথা । দুয়োটা সংস্থাই নিৰ্মাণ কৰিব ভাৰতৰ শ্ৰেষ্ঠ আৰু সম্পূর্ণ থলুৱা মেপিং পৰ্টেল।

এই সন্দৰ্ভত MapmyIndia ৰ কাৰ্যবাহী সঞ্চালক ৰোহন বাৰ্মাই কয়- এই যৌথ উদ্যোগে ভূ-তথ্য পৰ্যবেক্ষণক অধিক শক্তিশালী কৰিব। লগতে ই ‘আত্মনিৰ্ভৰ ভাৰত’ৰ যাত্রাত মাইলৰ খুটি হিচাপে চিহ্নিত হৈ ৰ’ৱ। এই প্ৰক্ৰিয়া কাৰ্যক্ষম হ’লে ভাৰতৰ নাগৰিকে বিদেশী সংস্থাৰ দ্বাৰা নিৰ্মিত মেপিং পৰ্টেলৰ সহায় লোৱাৰ প্ৰয়োজন নহ’ব। আনকি গুগল মেপৰ সহায় লোৱাৰো প্ৰয়োজন নাথাকিব।

ISRO ই আনুষ্ঠানিক বিবৃতিত কয় যে, MapmyIndia ই লোৱা যৌথ পদক্ষেপে ভূ-ভৌতিক তথ্য লাভত সহায় কৰিব। মহাকাশ যান উৎক্ষেপণ বিভাগে MapmyIndia ৰ সৈতে এই সন্দৰ্ভত এক বুজাবুজিৰ চুক্তি সম্পন্ন কৰে।

উল্লেখ্য যে ISRO ৰ ভূ-তথ্য পৰ্যবেক্ষণৰ পৰ্টেল যেনে NavIC, API, Bhuvan , VEDAS আৰু MOSDAC আদি সমূহ অন্তভূক্ত হৈ পৰিব MapmyIndia ৰ। যিসমূহ সামূহিক ভাৱে উপলব্ধ হব এই পৰ্টেলত।

এই পৰ্টেলে দেশৰ প্ৰকৃত সাৰ্বভৌমত্বক প্ৰতিনিধিত্ব কৰিব বুলি কোৱা হৈছে। দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা এই পৰ্টেলে চিনাক্ত তথা সুৰক্ষিত কৰাত ভূমিকা ল’ব বুলিও জনাইছে ISRO ই।

এই পৰ্টেল সম্পূর্ণ বিনামূলীয়া আৰু বিজ্ঞাপনহীন হ’ব বুলি জনায় MapmyIndia ৰ কাৰ্যবাহী সঞ্চালক ৰোহন বাৰ্মাই। ইয়াৰোপৰি MapmyIndia ই দেশৰ ৭.৫ লাখ গাঁও, ৭৫০০ খন চহৰ, পথ আৰু ভৱন অন্তর্ভুক্ত কৰিব। ৬৩ লাখ কিমি পথ আৰু ৩ কোটিৰো অধিক ঠাই সংযুক্ত হ’ব এই পৰ্টেলত।

Leave a Comment