
গুৱাহাটী ৰে’ল ষ্টেচনত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু…
January 19, 2022গুৱাহাটী ৰে’ল ষ্টেচনত সংঘটিত অঘটন,।
বিদ্যুৎস্পৃষ্ট হৈ যাত্ৰীবাহী ট্ৰেইনৰ চালকৰ মৃত্যু।
নিহত চালকজনৰ নাম শিৱ শইকীয়া আৰু তেওঁ উজনি অসমৰ গোলাঘাট জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
ৰেইলৱে বিভাগে জানিব দিয়া অনুসৰি গুৱাহাটী-মুৰকংচেলেক লাচিত এক্সপ্ৰেছখন যাত্ৰাৰ পূৰ্বে ইঞ্জীন পৰীক্ষা কৰাৰ সময়তে চালকজন বিদ্যুৎস্পৃষ্ট হয়।
মঙলবাৰে নিশা প্ৰায় ৮.২৫ বজাত সংঘটিত হোৱা বুলি ৰেইলৱে বিভাগৰ এগৰাকী বিষয়াই জানিব দিয়ে।
৭ নং প্লেটফৰ্মৰ ৯ নম্বৰ লাইনত সংঘটিত হয় এই কৰুণ ঘটনাটো। মাত্ৰ কেই মিনিট মানৰ ভিতৰতে মৃত্যুক সাৱটি লয় চালকজনে।
অৱশ্যে ৰেইলৱে কৰ্তৃপক্ষই তেওঁক ততাতয়াকৈ হাস্পতাললৈ লৈ যায় যদিও তেওঁক মৃত বুলি ঘোষণা কৰে।