গৃহৰক্ষী জোৱানলৈ সকাহ! মাহিলী ভাট্টা ২৩ হেজাৰ টকালৈ বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক। বিভিন্ন দাবীৰে দীৰ্ঘদিন ধৰি আন্দােলন অব্যাহত ৰখা ৰাজ্যৰ গৃহৰক্ষী জােৱানলৈ সুখবৰ কঢ়িয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

গৃহৰক্ষী জোৱানৰ মাহিলী ভাট্টা বৃদ্ধিৰ নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে পূৰ্বতে গৃহৰক্ষী জোৱানে ন হেজাৰ টকা মাহিলী ভাট্টা লাভ কৰি আহিছিল।

কিন্তু এতিয়াৰে পৰা ৰাজ্য চৰকাৰে গৃহৰক্ষী জােৱানক ২৩ হেজাৰ টকাকৈ মাহিলী ভাট্টা প্ৰদানৰ নিৰ্দেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ন্যায়ালয়ৰ ৷

দেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ আলমতে এই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷

অহা ৩০ দিনৰ ভিতৰত ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা জাৰি কৰিছে ন্যায়ালয়ে।

মনকৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পিছতে দেশৰ ২৩ খনকৈ ৰাজ্যৰ চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশ ইতিমধ্যে কাৰ্যকৰী কৰিছে ৷ 

এনে প্ৰেক্ষাপটত অসম চৰকাৰে কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷