গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰা মহানগৰীৰ সুন্দৰী বেংক বিষয়াক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ গ্ৰাহকৰ এটিএমৰ জৰিয়তে লক্ষ লক্ষ টকা আত্মসাৎ কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল সুন্দৰী বেংক বিষয়া।

মহানগৰীত গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকা সৰকোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এক্সিছ বেংকৰ ডেপুটি মেনেজাৰ ইফটিকন হক চৌধুৰীক।

অভিযোগ অনুসৰি, মহিলা বেংক বিষয়াগৰাকীয়ে গ্ৰাহকৰ এটিএম পিন কৌশলেৰে ব্যৱহাৰ কৰি গ্ৰাহকৰ বেংক একাউণ্টৰ জমা ধন লুট কৰি আহিছিল দীৰ্ঘদিনৰ পৰা।

শেহতীয়াকৈ গীতানগৰ আৰক্ষীয়ে এই অভিযোগ লাভ কৰাৰ পিছতে মহানগৰীৰ ভেটাপাৰাস্থিত এক্সিছ বেংকৰ মহিলা বেংক বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ইফটিকন হক চৌধুৰীয়ে পূৰ্বতে জুৰোডস্থিত এইছডিএফচি বেংকত কৰ্মৰত হৈ থকা সময়তে সংঘটিত কৰিছিল এই প্ৰৱঞ্চনা।

কৌশলেৰে গ্ৰাহকৰ পিন সংগ্ৰহ কৰি এটিএমৰ ভিতৰত চদ্মৱেশত প্ৰৱেশ কৰি এইগৰাকী বেংক বিষয়াই গ্ৰাহকৰ লাখ লাখ টকা সংগ্ৰহ কৰিছিল।

এটিএমৰ পিছত টুপী আৰু টি-চাৰ্ট পিন্ধি প্ৰৱেশ কৰা এইগৰাকী সুন্দৰী প্ৰৱঞ্চক বেংক বিষয়াৰ বিৰুদ্ধে এগৰাকী গ্ৰাহকে দাখিল কৰিছিল এজাহাৰ।

তাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি শেহতীয়াকৈ মহিলা প্ৰৱঞ্চকগৰাকীৰ প্ৰৱঞ্চনাৰ সমগ্ৰ তথ্য ফাদিল কৰিছে।

আৰক্ষীয়ে বেংক বিষয়াগৰাকীৰ পৰা কেইবাখনো এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হৈছে।

1 thought on “গ্ৰাহকৰ এটিএমৰ জৰিয়তে লাখ লাখ টকাৰ প্ৰৱঞ্চনা কৰা মহানগৰীৰ সুন্দৰী বেংক বিষয়াক গ্ৰেপ্তাৰ”

Comments are closed.