গ্ৰেপ্তাৰ উচ্চ ন্যায়ালয়ৰ ভুৱা মুখ্য ন্যায়াধীশ! DGPলৈ ফোন কৰি দুৰ্নীতিগ্ৰস্ত IPS বিষয়াৰ বিৰুদ্ধে গোচৰ নচলাবলৈ দিছিল নিৰ্দেশ…

নিউজ ডেস্কঃ এগৰাকী দুৰ্নীতিগ্ৰস্ত আইপিএছ বিষয়াৰ বিৰুদ্ধে গোচৰ নচলাবলৈ ডিজিপিক ফোনযোগে নিৰ্দেশ দি গ্ৰেপ্তাৰ হ’ল উচ্চ ন্যায়ালয়ৰ এগৰাকী ভুৱা মুখ্য ন্যায়াধীশ।

নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি পৰিচয় দি সুৰাৰ সৰবৰাহ গোচৰত অভিযুক্ত এগৰাকী আইপিএছ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ বন্ধ কৰিবলৈ ডিজিপিক ফোনযোগে হেঁচা প্ৰদান কৰা ভুৱা ন্যায়াধীশ অভিষেক আগৰৱালাৰ গ্ৰেপ্তাৰৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ গয়াত।

উল্লেখ্য যে, বিহাৰত সুৰা নিষিদ্ধ হৈ থকাৰ পিছতো গয়াৰ পূৰ্বৰ এছএছপি আদিত্য কুমাৰ আৰু ফতেহপুৰৰ এছএইছঅ’ সঞ্জয় কুমাৰে অবৈধ সুৰাৰ চালান জব্দ কৰাৰ পিছতো ধনৰ বিনিময়ত মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল।

আইপিএছ বিষয়াজনৰ এনে কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে আবকাৰী বিভাগে ৰুজু কৰিছিল গোচৰ।

কিন্তু তাৰ পিছতে অভিষেক আগৰৱালা নামৰ এজন ব্যক্তিয়ে নিজকে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বুলি পৰিচয় দি ডিজিপিলৈ ফোন কৰি আদিত্য কুমাৰৰ বিৰুদ্ধে থকা সকলো গোচৰ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

ভুৱা চিম কাৰ্ডেৰে অভিষেক আগৰৱালাই ডিজিপি এছ কে সিংহাললৈ ফোন কৰি গোচৰ বন্ধৰ বাবে হেঁচা প্ৰয়োগ কৰাত প্ৰথমে ডিজিপি থতমত খালেও পিছত সমগ্ৰ বিষয়টোক লৈ সন্দেহ হোৱাত অৰ্থনৈতিক অপৰাধ শাখাক অৱগত কৰে।

তাৰ পিছতে অৰ্থনৈতিক অপৰাধ শাখা (ইঅ’ইউ)য়ে অভিযান চলাই ভুৱা ন্যায়াধীশ অভিষেক আগৰৱালাৰ লগতে ৪ জন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ভুৱা ন্যায়াধীশ অভিষেকৰ পৰা ৯ খন ভুৱা চিম কাৰ্ডৰ লগতে ১২টা মোবাইল ফোন জব্দ কৰিছে। ইতিমধ্যে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰো কৰিছে অভিযুক্তজনে।

অন্যহাতে বৰ্তমান আইপিএছ আদিত্য কুমাৰ পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, পূৰ্বেও অভিষেক আগৰৱালাই নিজকে গৃহমন্ত্ৰী বুলি পৰিচয় দি ফোনত কেইবাগৰাকীও আইপিএছ বিষয়াক ফোন কৰি অনৈতিক কামৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। যাৰ বাবে তেওঁ তিহাৰ জে’লতো কাৰাবন্দী জীৱন পাৰ কৰিবলগীয়া হৈছিল।