গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ, ওলোটাই দিলে আবেদনকাৰীক ধমক…

গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাৰ বাবে দাখিল কৰা আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ, ওলোটাই দিলে আবেদনকাৰীক ধমক…

October 10, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ভাৰতত গৰুক গো-মাতা হিচাপে পূজা কৰা হয়। বিশেষকৈ বিগত সময়ত গো সুৰক্ষাক লৈ যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে বহু হিন্দুত্ববাদী সংগঠন।

তেনে কেইটামান হিন্দুত্ববাদী সংগঠনেই গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল আবেদন।

কিন্তু সোমবাৰে ন্যায়ালয়ে এই আবেদন খাৰিজ কৰি ওলোটাই আবেদনকাৰীৰ অধিবক্তাকে ধমক দিয়ে।

সোমবাৰে ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ অভয় এছ ওকাৰৰ বিচাৰপীঠে এই আবেদন খাৰিজ কৰাই নহয়, বৰং আবেদকাৰীকো তীক্ষ্ণ ভৎসৰ্না কৰে।

উল্লেখ্য যে, ‘গোবংশ সেৱা সদন’কে ধৰি কেইবাটাও সংগঠনে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰি গৰুক জাতীয় পশু হিচাপে ঘোষণা কৰাৰ বাবে কেন্দ্ৰলৈ নিৰ্দেশ প্ৰদান কৰাটো বিচাৰিছিল।

তদুপৰি গো-বধত মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলিও আবেদনখনত উল্লেখ কৰা হৈছিল।

কিন্তু দুই ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ মতামত বিচাৰি আবেদনখন খাৰিজ কৰে।

একে সময়তে আবেদনকাৰী পক্ষৰ অধিবক্তাক ধমক দি আদালতে কয়, “এয়া আদালতৰ কাম নেকি?” এনে আবেদন কেনেকৈ কৰিব পাৰি? ইয়াত কি কি মৌলিক অধিকাৰ উলংঘা কৰা হৈছে?”

এনে আবেদনৰ বাবে আবেদনকাৰীক জৰিমনা বিহিব লাগে বুলিও উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে। আবেদন প্ৰত্যাহাৰ নকৰিলে জৰিমনা বিহা হব বুলি সকীয়াই দিয়ে আদালতে।