
গৰু-ম’হ নহয়, এইবাৰ পথৰ দাঁতিত বস্তাৰ ভিতৰত উদ্ধাৰ ৩১টাকৈ কুকুৰ
September 16, 2022নিউজ ডেস্কঃ চোৰাং গৰু-ম’হ নহয়, এইবাৰ বোকাখাতত উদ্ধাৰ হ’ল ৩১ টাকৈ দেশীয় জাতৰ কুকুৰ। বোকাখাতৰ কুৰুৱাবাহীত পথৰ দাঁতিত বস্তাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰে কুকুৰ কেইটা।
আৰক্ষীয়ে এই কুকুৰ কেইটা কোনো দুস্কৃতিকাৰীয়ে সৰবৰাহৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰিছে। অৱশ্যে কুকুৰ সৰবৰাহৰে জড়িত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

ইফালে এই ৩১ টা কুকুৰক ক’ত, কেনেকৈ ৰখা হব তাক লৈ বিপাঙত পৰে আৰক্ষী। কুকুৰ কেইটা ক’লৈ সৰবৰাহ কৰিব বিচৰা হৈছিল, সেই সন্দৰ্ভতো কোনো তথ্য লাভ কৰা নাই বোকাখাত আৰক্ষীয়ে।
উল্লেখ্য যে, ভাৰতত কুকুৰৰ হত্যা আইন অনুসৰি নিষিদ্ধ যদিও উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এতিয়াও কুকুৰৰ মাংস ভক্ষণ কৰা হয়। তেনে কাৰণতে অসমৰ পৰা এই কুকুৰসমূহ সৰবৰাহ কৰাৰ চেষ্টা চলোৱা হৈছিল বুলি সন্দেহ কৰা হৈছে।