ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ…

ঘােচ লৈ ভিজিলেঞ্চৰ হাতত গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ…

October 8, 2022 Off By NEWS DESK

নিউজ ডেস্ক। চৰকাৰী কাৰ্যালয়ত দুৰ্নীতিৰ আশ্ৰয় লৈ ৰঙাঘৰৰ আলহী হােৱা ইজনৰ পিছত সিজন ঘােচখােৰ কৰ্মচাৰীয়ে লাভ কৰিছে জামিন।

এইবাৰ উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হোৱা লাট মণ্ডল ৰঞ্জিত মহন্তৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

উল্লেখ্য যে যােৱা ২৩ ছেপ্টেম্বৰত নগাঁও সদৰ ৰাজহ চক্ৰ কাৰ্যালয়ত এজন লােকৰ পৰা কামৰ বিনিময়ত নগদ ৫ হেজাৰ টকা উৎকোচ লৈ ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হৈছিল লাট মণ্ডল ৰঞ্জিত মহন্ত।

ইয়াৰ পিচতে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় মহন্ত।

আদালতত অভিযুক্তৰ হৈ যুক্তি প্ৰদৰ্শন কৰি অধিবক্তা বিজন মহাজনে কয় যে, লাটমণ্ডল ৰঞ্জিত মহন্ত যোৱা ১৩ দিন ধৰি জিম্মাত আছে আৰু সমগ্ৰ গোচৰৰ অনুসন্ধান প্রক্রিয়া সম্পূর্ণ হৈছে।

তদুপৰি তদন্তকাৰী সংস্থাই নথি-পত্রমূলক তথ্য-প্রমাণ জব্দ কৰাই নহয়, অভিযুক্তৰ কণ্ঠস্বৰ পৰীক্ষা কৰা পৰ্যায়ো সম্পূৰ্ণ কৰিছে।