ঘোচখোৰ আৰক্ষী বিষয়া! থানাৰ ভিতৰত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল ASI ছাৰ…

ঘোচখোৰ আৰক্ষী বিষয়া! থানাৰ ভিতৰত উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল ASI ছাৰ…

August 7, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আকৌ ঘোচ লৈ জালত পৰিল চৰকাৰী বিষয়া। এইবাৰ গোচৰ নিষ্পত্তিৰ নামত থানাৰ ভিতৰত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল আৰক্ষীৰ এগৰাকী সহকাৰী উপ পৰিদৰ্শক।

মাটিয়া থানাৰ সহকাৰী উপ পৰিদৰ্শক চবিন পল দাসক সোমবাৰে হাতে-লোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই।

অভিযোগ অনুসৰি, ছোৱালী পলুৱাই নিয়া এক গোচৰ নিষ্পত্তিৰ বাবে অভিযুক্তৰ ভাতৃৰ পৰা প্ৰথমে ৫৫ হাজাৰ টকা দাবী কৰিছিল সহকাৰী উপ পৰিদৰ্শক চবিন পল দাসে। কিন্তু পৰৱৰ্তী সময়ত ৩৫ হাজাৰ টকাত গোচৰ নিষ্পত্তি কৰিবলৈ ৰাজী হয় ঘোচ আৰক্ষী বিষয়াগৰাকী।

সেই অনুসৰি সোমবাৰে অভিযুক্তৰ ভাতৃয়ে ৩৫ হাজাৰ টকা ঘোচখোৰ বিষয়াজনক দিবলৈ আহোঁতেই হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ত কৰে আৰক্ষী বিষয়া চবিন পল দাসক।

উল্লেখ্য যে, বিগত কিছু দিনত ৰাজ্যত কেইবাগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছে।