ঘোচখোৰ বিষয়া! উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আবকাৰী পৰিদৰ্শক লোহিত ফুকন

নিউজ ডেস্কঃ ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন। যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী।

শেহতীয়াকৈ ঘোচ লৈ বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া। গোলাঘাট জিলাৰ বোকখাত আবকাৰী বিভাগত অভিযান চলাই বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আবকাৰী পৰিদৰ্শক লোহিত ফুকনক।

চৰকাৰী কাম কৰাৰ বাবদ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰা হয় দুৰ্নীতিগ্ৰস্ত বিষয়াজনক।

উল্লেখ্য যে, একে দিনাই তামুলপুৰ উপ পঞ্জীয়ক কাৰ্যালয়ৰ এজন দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীকো উৎকোচ গ্ৰহণৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। ধৃত চৰকাৰী কৰ্মচাৰীজন গোপীনাথ দাস বুলি জানিব পৰা গৈছে।

এই দুয়োটা অভিযান সন্দৰ্ভত টুইটযোগে প্ৰকাশ কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।