ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন SI ছাৰ! এইবাৰ হাতে-লোটে জালত পৰিল গহপুৰ থানাৰ এছআই ধীৰাজ নমশূদ্ৰ…

ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন SI ছাৰ! এইবাৰ হাতে-লোটে জালত পৰিল গহপুৰ থানাৰ এছআই ধীৰাজ নমশূদ্ৰ…

December 8, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ আকৌ আৰক্ষীৰ খাকী পোছাকত কলংক দুৰ্নীতিগ্ৰস্ত এছআই ছাৰৰ।

এইবাৰ ঘোচ লৈ হাতে লোটে জালত পৰিল আন এগৰাকী আৰক্ষীৰ উপ-পৰিদৰ্শক।

দুৰ্নীতি নিবাৰক শাখাই উৎকোচ গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰে গহপুৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰক।

অভিযোগকাৰীক অপৰাধৰ গোচৰৰ পৰা মুক্ত কৰাৰ বাবদ ধন বিচাৰিছিল এছআই নমশূদ্ৰই।

বৃহস্পতিবাৰে সেই ধন গ্ৰহণৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক।

উল্লেখ্য যে, একেদিনাই বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলকো ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।