ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী! এইবাৰ ভিজিলেন্সৰ জালত লক্ষীমপুৰ জল সম্পদ বিভাগৰ ২ কৰ্মচাৰী…

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী! এইবাৰ ভিজিলেন্সৰ জালত লক্ষীমপুৰ জল সম্পদ বিভাগৰ ২ কৰ্মচাৰী…

November 4, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ লোভে পাপ আৰু পাপে…! দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা অধিক পোৱাৰ আশাত ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী।

শুকুৰবাৰে লক্ষীমপুৰৰ জল সম্পদ চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত চলিল দু্ৰ্নীতি নিবাৰক শাখাৰ অভিযান।

উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ এলডিএ সমৰজ্যোতি শইকীয়া আৰু মুখ্য সহায়ক তৰুণ চন্দ্ৰ মৰাঙ।

ঠিকাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় দুয়োগৰাকী চৰকাৰী কৰ্মচাৰীক।

এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।