ঘৰলৈ আহিম বুলি ভুলতে পাকিস্তান অভিমুখী ৰে’লত উঠিল বহিঃৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক মনোজ ওঝাই, বিচাৰিছে চৰকাৰৰ সহায়

নিউজ ডেস্কঃ উঠিব লাগিছিল গৃহাভিমুখী ৰে’লত। কিন্তু ভুলতে পাকিস্তানী অভিমুখী ৰে’লত উঠি সীমান্ত পালেগৈ বহিঃৰাজ্যত কৰ্মৰত অসমৰ এজন শ্ৰমিক।

জানিব পৰা মতে, চৰাইদেউ জিলাৰ মাহমৰাৰ চেলেং গাঁৱৰ নিৱাসী মনোজ ওঝা নামৰ এজন ৪০ বছৰীয়া ব্যক্তিয়ে এমাহ পূৰ্বে কৰ্মৰ সন্ধানত গৈছিল ৰাজস্থানৰ জয়পুৰলৈ।

তাত এটা প্লাইউড কোম্পানীত কৰ্মৰত হৈ আছিল মনোজ। কিন্তু কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগাত তেওঁ ঘৰলৈ উভতি আহিবলৈ ৰাওনা হয়।

মনোজ ওঝাই অকলেই জয়পুৰ ৰে’লৱে ষ্টেছনত উপস্থিত হৈ অসম অভিমুখী ট্ৰেইনৰ সন্ধান কৰে। কিন্তু শাৰিৰীক অসুস্থতাৰ বাবে তেওঁ ভুলতে পাকিস্তান অভিমুখী ৰে’লতহে উঠে।

ইফালে জয়পুৰ ৰে’লৱে ষ্টেছনতে তেওঁৰ মোবাইল ফোনৰ লগতে নিজৰ বয়-বস্তুৰ বেগটো হেৰুৱাই পেলোৱাত ঘৰৰ সৈতেও যোগাযোগ নোহোৱা হৈ পৰে মনোজ ওঝাৰ। যাৰ ফলত ৩ দিন ধৰি তেওঁৰ কোনো খবৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে।

ইফালে সোমবাৰে এগৰাকী সহযাত্ৰীৰ মোবাইল ফোনৰ জৰিয়তে মনোজ ওঝাই ঘৰৰ সৈতে যোগাযোগ কৰাতহে উশাহ ঘূৰি আহি পৰিয়ালটোলৈ।

মনোজে জানিবলৈ দিয়া মতে, তেওঁ বৰ্তমান ভাৰত-পাকিস্তানৰ সীমান্ত তথা ৰাজস্থানৰ ভাৰতৰ অন্তিম ষ্টেচন বলোত্তৰত আশ্রয় গ্ৰহণ কৰি আছে।

ঘৰলৈ আহিম বুলি ভুলতে এনেদৰে পাকিস্তান সীমান্ত গৈ পোৱাত এতিয়া বিবুধিত পৰিছে মনোজ ওঝা। আনহাতে শাৰীৰিকভাৱে অসুস্থ দুই সন্তানৰ পিতৃ মনোজ এনেদৰে অকলে সীমান্ত অঞ্চলত আৱদ্ধ হৈ পৰাত চিন্তিত হৈ পৰিছে পৰিয়ালো।

যাৰ বাবে পৰিয়ালৰ লোকে মনোজৰ উদ্ধাৰৰ বাবে অসম চৰকাৰ তথা মাহমৰা সমষ্টিৰ বিধায়ক মন্ত্ৰী যোগেন মহনৰ সহায় বিচাৰিছে। পৰিয়ালৰ লোকে ইতিমধ্যো কাকতিবাৰী থানাত এখন এজাহাৰো দাখিল কৰিছে।

অন্যহাতে জয়পুৰ ৰে’লৱে ষ্টেছনৰ এগৰাকী কৰ্তৃত্বশীল বিষয়াই মনোজৰ বেগত লাভ কৰা পৰিয়ালৰ মোবাইল নম্বৰত যোগাযোগ কৰি তেওঁৰ হেৰুওৱা বেগটো উদ্ধাৰ হোৱৰ বিষয়ে জানিবলৈ দিছে।

লগতে চাওকঃ

মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…