নিউজ ডেস্ক। কাৰ ভাগ্য কেতিয়া উদয় হয়, সেইয়া কোনেও ক’ব নোৱাৰে। অৱশ্যে তাৰ বাবে কৰিব লাগিব অপৰিসীম শ্ৰম আৰু সাধনা। অত্যন্ত কষ্টৰ বাবে ভিক্ষাৰীয়ো এদিন হৈ যাব পৰে কোটিপতি।
সেই কথাই সত্য প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল এজন যুৱকে। ভিক্ষা খুজি খোৱাৰ ল’ৰাজন আজি বহু কোটি টকাৰ গৰাকী।
তেওঁৰ নাম ৰেণুকা আৰাধ্য। বেংগালুৰুৰ নিকতৱৰ্তী গুপচাণ্ড গাৱঁৰ বাসিন্দা তেওঁ। অতি দৰিদ্ৰতাতাৰে ভৰা তেওঁৰ ল’ৰালি অথবা কৈশোৰ কাল। তেওঁৰ পিতৃ আছিল গাঁৱৰে এটা মন্দিৰৰ পূজাৰী।
পিতৃয়ে মন্দিৰত পূজা অৰ্চনা কৰি ঘৰলৈ যোৱাৰ পিছত তেওঁ পিতৃৰ লগত ঘৰে ঘৰে খাদ্যবস্তু ভিক্ষা বিচাৰি যায়। ভিক্ষা খুজি পোৱা কিছু সামগ্ৰী নিজে খোৱাৰ লগতে কিছু বজাৰলৈ নি বিক্ৰী কৰে। তেনেদৰেই চলে তেওঁলোকৰ ঘৰ।
ষষ্ঠ শ্ৰেণী পঢ়াৰ পিছত পিতৃয়ে ৰেণুকাক আনৰ ঘৰত বনকৰা লৰা হিচাপে কামত লগাই। বহুতৰ ঘৰত ঘৰ চাফা কৰা, বাচন ধোৱা কাম কৰিছিল তেওঁ। এইবোৰ এৰাই এবাৰ পিতৃয়ে তেওঁক এজন বৃদ্ধৰ প্ৰতিপালনৰ কামত নিয়োজিত কৰে। বৃদ্ধজনক গা ধুওৱা, খোৱা-বোৱা সকলো কৰিব লগা হৈছিল তেওঁ। তাৰ কিছুদিন পিছতে তেওঁৰ পিতৃৰ মৃত্যু হয়। পিতৃৰ মৃত্যুৰ পিছত তেওঁ পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি লব লগা হয়। পঢ়িবলৈ সময় সুবিধা নোপোৱাত তেওঁ দশম শ্ৰেণীত অনুত্তীৰ্ণ হয়। সেয়েহে তেওঁ পঢ়া বাদ দিয়ে। ধন ঘটাৰ চিন্তা কৰে।
সেই অনুসৰি তেওঁ এটা লেৱৰেটৰীত চুইপাৰৰ কাম কৰাৰ লগতে বিভিন্ন ঠাইত কাম কৰে। মাজতে বেয়া সংগ লাভ কৰি তেওঁ সদায় মদ খোৱা আৰু জুৱাত বহিছিল। কিন্তু কিবা কাৰণত এই সকলোবোৰ এৰি বিয়া পতাৰ সিদ্ধান্ত লয়। ২০ বছৰ বয়সত তেওঁ বিয়া পাতে।
পত্নীয়েও এটা কোম্পানীত শ্ৰমিক হিচাপে কাম কৰিবলৈ লয়। বিবাহৰ পিছত তেওঁ এটা প্লাষ্টিক নিৰ্মাণ কোম্পানীত কাম কৰিবলৈ লয়। সেই কাম কিছুদিন কৰি তেওঁ আন এটা কোম্পানীত চিকিউৰিটি গাৰ্ডৰ কাম কৰে। য’ত তেওঁ মাহে লাভ কৰিছিল ৬০০ টকাৰ দৰমহা। সেই কাম কৰি তেওঁ আৰু পত্নীয়ে ৩০ হাজাৰ টকা যোগাৰ কৰিছিল। ধাৰলৈয়ো লৈছিল টকা।
নিজাকে তেওঁ কিবা এটা কৰাৰ মন মেলিছিল। সেই উদ্দেশ্যেৰে তেওঁলোকে বেগ নিৰ্মাণ, ফ্ৰীজ আৰু টিভিৰ কভাৰ নিৰ্মাণৰ কাম কৰে। পত্নীয়ে কভাৰসমূহ চিলাই কৰাৰ কাম কৰে আৰু তেওঁ সেইবোৰ গৈ বিক্ৰী কৰে। সেই কাৰ্যত তেওঁ সফল নহল। লোকচানৰ সন্মুখীন হৈ সেই কাম বাদ দিবলগীয়া হয়। তেওঁলোকৰ পইচা খিনি পানীত পৰে। এই কাম বাদ দি তেওঁ পুনৰ নতুন কাম কৰাৰ চিন্তা কৰিলে।
এইবাৰ তেওঁ ড্ৰাইভাৰ অৰ্থাৎ গাড়ীৰ চালক হোৱাৰ মন মেলিলে। কিন্তু ড্ৰাইভিং শিক্ষা লবলৈ তেওঁৰ হাতত কোনো পইছা নাছিল। সেয়েহে তেওঁক ড্ৰাইভিং শিকিবলৈ পত্নীয়ে নিজৰ আঙুঠিটো বিক্ৰী কৰিবলৈ দি দিয়ে। আৰু সেই আঙুঠি বিক্ৰী কৰি তেওঁ ড্ৰাইভিং শিক্ষা লৈ ড্ৰাইভিং লাইচেঞ্চ লাভ কৰে। তাৰ পিছতেই তেওঁ এটা ড্ৰাইভাৰৰ চাকৰি লাভ কৰে।
কিন্তু দুৰ্ভাগ্যবশতঃ কেইদিনমানৰ পিছতেই তেওঁ চলোৱা গাড়ীখন এক দুৰ্ঘটনাত পতিত হয়। লগে লগেই তেওঁক চাকৰিৰ পৰা উলিয়াই দিয়ে মালিকে। তাৰ পিছত তেওঁ এখন চিকিৎসালয়ৰ মৃতদেহ কঢ়িওৱা গাড়ী চলাবলৈ লয়। তেওঁ সেই কাম চাৰিবছৰ কৰে। কিন্তু তাত পইচা কম পোৱাত সেই কাম ত্যাগ কৰি তেওঁ বেলেগ এটা কাম বিচাৰিবলৈ লয়।
সেই অনুসৰি তেওঁ সেই কাম বাদ দিয়ে। নতুনকৈ তেওঁ বিদেশী পৰ্যটকক ভ্ৰমণত নিয়া গাড়ী চলাবলৈ লয়। বিদেশী পৰ্যটকে তেওঁক গাড়ীৰ ভাৰা ডলাৰত দিয়ে। সেই কামেই যেন তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হ’ল। তেওঁ ভাৰা হিচাপে পোৱা ডলাৰ খিনি জমা কৰি ৰাখি যাবলৈ লয়। সেইখিনি টকা আৰু পত্নীৰ ভবিষ্য নিধিৰ টকাৰে তেওঁ ২০০১ চনত এখন পুৰণি ইণ্ডিকা গাড়ী ক্ৰয় কৰে। সেই গাড়ী তেওঁ চলাবলৈ লয়।
সেই গাড়ী চলাই পোৱা টকাৰে তেওঁ ডেৰছৰৰ ভিতৰতে দ্বিতীয়খন গাড়ী ক্ৰয় কৰিবলৈ সক্ষম হয়। লাহে লাহে ২০০৬ লৈ তেওঁ ৫ খন গাড়ীৰ মালিক হয়। তাৰ পিছতেই তেওঁ চিটী চাফাৰি নামৰ এটা নিজৰ কোম্পানী গঢ় দিয়ে। পৰৱৰ্তী সময়ত তেওঁ সেই কোম্পানী ডাঙৰ কৰিবলৈ মন কৰে। সেই সময়তে তেওঁ খবৰ লাভ কৰে যে ইণ্ডিয়ান চিটী টেক্সী নামৰ এটা কোম্পানী গৰাকীয়ে বিক্ৰী কৰিবলৈ লৈছে। সেইমতে ২০০৬ চনত তেওঁ ৬.৫ লাখ টকাত সেই কোম্পানীটো ক্ৰয় কৰে। কোম্পানীটো ক্ৰয় কৰিবলৈ তেওঁ নিজৰ গাড়ীসমূহ বিক্ৰী কৰি দিব লগা হয়।
সেই কোম্পানী ক্ৰয় কৰি তেওঁ তাৰ নাম দিয়ে Pravashi Cabs Pvt. Ltd । ২০১৮ চনলৈ তেওঁ সেই কোম্পানী চেন্নাই আৰু হাইদৰাবাদলৈ সম্প্ৰসাৰণ কৰে। যত তেওঁৰ ১৩০০ গাড়ী চলে। OLA আৰু UBER য়েও তেওঁৰ কোম্পানীত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে।
উল্লেখ্য যে ঘৰে ঘৰে ভিক্ষা খোজা লৰাটো আজি ৫০০ কোটি টকীয়া কোম্পানীৰ মালিক। ৰেণুকাই আজি নিজেই ২৫ লাখ টকীয়া গাড়ীত ঘূৰে। সঁচাই কষ্ট কৰিলেহে সফলতা লাভ কৰা যায়। চেষ্টা নকৰাকৈ ফল বিচৰা জনেহে সদায় বিফল হয়।