ঘৰ সাজিবলৈ মাটি খান্দােতে ওলাল পৌৰাণিক যুগৰ সোণ-ৰূপৰ অলংকাৰ!

নিউজ ডেস্ক। এইবাৰ পৌৰাণিক যুগৰ কিছু সোণ-ৰূপৰ অলংকাৰ উদ্ধাৰ কৰা হৈছে তেলেংগানাৰ জনগাওঁ জিলাৰ পেম বাৰ্থি গাৱঁত। ইয়াৰ ভিতৰত ১৮৯.৮৯০ গ্ৰাম সোণ আৰু ১.৭২৭ কিলো ৰূপ আছিল।

নৰসিংহ নামৰ এজন লোকে ঘৰ সাজিবলৈ বুলি মাটি খান্দোতে উদ্ধাৰ হয় এই অলংকাৰখিনি। যিখিনিক কাকতীয় বংশৰ সম্ৰাজ্যৰ সময়ৰ অলংকাৰ বুলি বিশ্বাস কৰা হৈছে।

এটা কপাৰৰ বাকচত থকা অলংকাৰখিনিক পৰৱৰ্তী সময়ত চমজাই দিয়া হয় প্ৰশাসনক।

জানিব পৰা মতে, নৰসিংহ নামৰ লোকজন ব্যৱসায়ৰ খাটিৰত বাস কৰে হাইদৰাবাদত। কিন্তু গাৱঁত থকা নিজৰ ১১ একৰ মাটিত ঘৰ সজোৱাৰ উদ্দেশ্যে তেওঁ আহিছিল গাৱঁলৈ। সেই অনুসৰি ঘৰ সাজিবলৈ তেওঁ খন্দোৱাইছিল মাটি।

খান্দি থাকোতেই মাটিৰ ২ ফুট তলত তেওঁ লাভ কৰিলে কপাৰৰ এটা বাকচ। যত সোমাই আছিল সোণ-ৰূপৰ অলংকাৰখিনি। ইয়াৰ পিছতেই তেওঁ জিলা প্ৰশাসনক এই সন্দৰ্ভত খবৰ দিয়ে, আৰু প্ৰশাসনৰ এটা দল আহি সেই বাকচটো লৈ যায়।

প্ৰশাসনে জনায় যে, এনে বহুতো অলংকাৰ বহু ঠাইত লাভ কৰা যাব। এই অলংকাৰ সমূহ সংগ্ৰহালয় লৈ প্ৰেৰণ কৰা হৈছে। পুনৰ অনুমতি নিদিয়া পৰ্যন্ত লোকজনক তেওঁৰ চৌহদত খনন কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
কপাৰ বাকচটোৰ ভিতৰত মুঠ সোণ আৰু ৰূপৰ ১২০০ গ্ৰাম অলংকাৰ আছিল। ইয়াৰোপৰি আছিল ৬.৫ গ্ৰাম ওজনৰ পদ্মৰাগ মণি।

বাকচটোৰ ভিতৰত আছিল ৭৭.২২০ গ্ৰাম ওজনৰ ২২ ডাল সোণৰ কানফুলি, ৫৭.৮০০ গ্ৰাম ওজনৰ ৫১ ডাল সোণৰ মনি, ১৭.৮০০ গ্ৰাম ওজনৰ ১১ ডাল মংগল সুত্ৰ, ১.২২৭ কিলো ওজনৰ ২৬ ডাল ৰূপৰ কাঠি, ২১৬ গ্ৰাম ওজনৰ ৫ ডাল ৰূপৰ চেইন ইত্যাদি।

জিলা প্ৰশাসনে এই সামগ্ৰী সমূহ কাকতীয় বংশৰ সম্ৰাজ্যৰ সময়ৰ বুলি সন্দেহ কৰিছে। অঞ্চলটোত এনে আৰু সামগ্ৰী উদ্ধাৰ হোৱাৰ উদ্দেশ্যে খনন প্ৰক্ৰিয়া চলোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে।

লগতে চাওকঃ

মৰ্মান্তিক! দ খাৱৈত পৰিল তীৰ্থযাত্ৰী কঢ়িওৱা ট্ৰাক, নিহত ১১, আহত ৪১

Leave a Comment