চাঞ্চল্যকৰ! দোকানলৈ যাও বুলি ওলাই গৈ ৫ দিন ধৰি সন্ধানহীন ৰুকচানা, পৰিয়ালত হাহাকাৰ…

চাঞ্চল্যকৰ! দোকানলৈ যাও বুলি ওলাই গৈ ৫ দিন ধৰি সন্ধানহীন ৰুকচানা, পৰিয়ালত হাহাকাৰ…

October 5, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ৫ দিন পূৰ্বে দোকানলৈ যাও বুলি ঘৰৰ পৰা ওলাই গৈছিল ৰুকচানা।

কিন্তু তাৰ পিছতে সন্ধানহীন হৈ থকা কিশোৰীগৰাকীক বিচাৰি হাহাকাৰ কৰিছে পৰিয়ালে।

নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ হোৱাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতো।

জানিব পৰা মতে, ৩০ ছেপ্টেম্বৰত দোকানলৈ যাও বুলি ঘৰৰ পৰা ওলাই আহিছিল নগাঁৱৰ জুৰিয়াৰ তিনিচুকীয়া গাঁৱৰ ৰুকচানা খাতুন নামৰ কিশোৰীগৰাকীয়ে।

কিন্তু তাৰ পিছৰে পৰা কিশোৰীগৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালত হাহাকাৰ লাগে।

ইফালে সিফালে বিচাৰিও ৰুকচানাৰ কোনো সন্ধান লাভ নকৰাত ইতিমধ্যে পৰিয়ালৰ লোকে জুৰিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

কোনো লোকে কিশোৰী ছাত্ৰীগৰাকীৰ সন্ধান লাভ কৰিলে 91016-29185 নম্বৰত যোগাযোগ কৰিবলৈও আহ্বান জনাইছে পৰিয়ালৰ লোকে।