চলন্ত ইন’ভাৰ চালকৰ হাৰ্ট এটেকত মৃত্যু, গাড়ীৰ খুন্দাত মৃত্যু স্কুটী আৰােহী মহিলাৰ

নিউজ ডেস্ক। এক ভয়ংকৰ ঘটনা। চলন্ত অৱস্থাতে ইনভা চালকৰ হাৰ্ট এটেক, নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে খুন্দিয়ালে চলন্ত স্কুটীক।

এই ঘটনাত মৃত্যু স্কুটী আৰােহী মহিলাৰ, লগতে হাৰ্ট এটেকত মৃত্যু ইনভা গাড়ীৰ চালকৰাে।

জানিব পৰা মতে, এই ঘটনা শনিবাৰে সংঘটিত হয় পাঞ্জাৱৰ লুধিয়ানাৰ বাষ্টি যোধেৱাল অঞ্চলৰ সম্ব্রান পথত।

বাহনখনৰ চালকক অৰ্জুন জৈন (৫০) আৰু স্কুটি আৰোহী গৰাকীক ৰীমা মগ্গো (৩৫) বুলি জানিব পৰা যায়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বাহনখন হাইবৱাল অভিমুখে আহি আছিল। গাড়ীখনৰ ভিতৰত অহা মহিলা গৰাকী পিছৰ ছীটত বহি আহিছিল। কিন্তু চলন্ত অৱস্থাত চালকজন সম্ভৱত হৃদ ৰোগত আক্ৰান্ত হোৱাত তেওঁ গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই। যাৰ ফলত গাড়ীখনে পথৰ কাষত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰি ড্ৰেইনৰ ওপৰেৰে গৈ বিদ্যুতৰ খুঁটাত খুন্দা মাৰি স্কুটি চলাই আহি থকা মহিলা গৰাকীক খুন্দা মাৰে।

অৰ্জুন জৈনৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে ৰীমা মগ্গোক এখন অটোৰিক্সাত দায়ানন্দ চিকিৎসা মহবিদ্যালয়লৈ নিয়া হয় যদিও ৰক্তক্ষৰণৰ বাবে তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখে।

উল্লেখ্য যে গাড়ীখনৰ ভিতৰত অহা মহিলা গৰাকী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়। এই সমগ্ৰ ঘটনা বন্দী হয় চিচি টিভিৰ কেমেৰাত।

Leave a Comment