চলন্ত বাইকৰ ওপৰত গছ পৰি দুজন যুৱকৰ শােকাৱহ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা। পাহাৰীয়া পথত অবৈধভাৱে কটা গছ পৰিল চলন্ত বাইকৰ ওপৰত।

এই ঘটনাত প্ৰাণ গ’ল দুজন বাইক আৰােহীৰ।

এই ঘটনাৰ স্থান মহানগৰীৰ সোণাপুৰ থানাৰ অন্তৰ্গত বেজেনি।

প্ৰাপ্ত তথ্য মতে, শনিবাৰে বিয়লি ভাগত বাইকেৰে কলংপাৰৰ পৰা বেজেনিলৈ আহি থকা অৱস্থাত বেজেনি পথত প্ৰকাণ্ড মাকৰিশাল গছ দুয়োজন বাইক আৰোহীৰ ওপৰতে বাগৰি পৰে।

vlcsnap-2021-10-10-16h07m07s040

ফলত ৰিণ্টু মেধিৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত বাবুল ডেকা নামৰ লোকজনৰ মৃত্যু হয়।

উল্লেখযোগ্য যে বিমল বড়ো নামৰ লোক এজনে অবৈধভাৱে পাহাৰৰ গছজোপা কটাৰ ফলতে এই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ঘটনা হোৱা স্থান আওহতীয়া হোৱাৰ বাবে বহু পলমকৈ সমগ্ৰ ঘটনা পোহৰলৈ আহে।

লগতে চাওকঃ সাপ্তাহিক ৰাশিফল

Leave a Comment