চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদত পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

চলন্ত ৰে’লত উঠিবলৈ গৈ বিপদত পৰিল এজন বয়ােজ্যেষ্ঠ লােক, CCTV ত বন্দী সমগ্ৰ ঘটনা

December 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। তিনিচুকীয়া ৰে’ল ষ্টেচনত এক নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এজন বয়ােজ্যেষ্ঠ লােক।

ৰে’লৱে প্লেটফ’ৰ্মত নিয়ােজিত আৰ পি এফ জােৱানৰ তৎপৰতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল লােকজনৰ।

vlcsnap-2021-12-12-12h08m45s775

জানিব পৰা মতে, শনিবাৰে ১৫৬੦৩ নং গুৱাহাটী-লিডাে ইন্টাৰচিটি এক্সপ্ৰেছে ষ্টেচনৰ পৰা ৰাওনা হােৱাৰ সময়তে এজন বয়ােজ্যেষ্ঠ লােকে ৰে’লখনত উঠিবলৈ প্ৰয়াস কৰে।

কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ ট্ৰেনখনৰ দবাৰ গেটৰ হেণ্ডেলত ধৰাৰ পাছতে পৰি যায় আৰু ট্ৰেনখনে লােকজনক চােঁচৰাই নিয়ে।

vlcsnap-2021-12-12-12h08m51s311

এই দৃশ্য প্ৰত্যক্ষ কৰে প্লেটফৰ্মত কৰ্তব্যৰত এ বি সিকদাৰ নামৰ আৰ পি এফৰ হেড কনিষ্টবলজনে।

জােৱানজনে সাহস আৰু সতৰ্কতাৰে লােকজনক ধৰি নিৰাপদে ৰক্ষা কৰে।

এই সমগ্ৰ ঘটনা ৰে’ল ষ্টেচনখনৰ চিচিটিভি কেমেৰাত বন্দী হয়।

ৰে’ল কৰ্তৃপক্ষই জােৱানজনৰ এনে সাহসিকতাৰ শলাগ লােৱাৰ লগতে এই ঘটনাৰ ভিডিঅ’ টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে।