চহৰৰ পদপথৰ নলাত পৰিল মাতৃসহ কণমানি! কথমপি প্ৰাণৰক্ষা

চহৰৰ পদপথৰ নলাত পৰিল মাতৃসহ কণমানি! কথমপি প্ৰাণৰক্ষা

January 21, 2022 0 By NEWS DESK

নিউজ ডেস্ক। পৌৰসভা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ থকা পদপথৰ নলাত শিশুসহ সােমাই পৰিল এগৰাকী মহিলা।

মৰিগাঁও চহৰৰ মাজ মজিয়াত বৃহস্পতিবাৰে দিন-দুপৰতে সংঘটিত হয় এটা ভয়ংকৰ ঘটনা।

vlcsnap-2022-01-20-16h06m35s897

অৱশ্যে সৌভাগ্যক্ৰমে প্ৰত্যক্ষদৰ্শীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা হ’ল এই মাতৃ আৰু তেওঁৰ কণমানি সন্তানৰ।

জানিব পৰা মতে, মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা ডাকঘৰৰ সন্মুখত সংঘটিত হয় এই ঘটনাটো।

vlcsnap-2022-01-20-16h06m46s982

ডাকঘৰৰ সন্মুখত থকা পদপথৰ উন্মুক্ত নলাত পৰে এটি এবছৰীয়া সন্তানৰ সৈতে এগৰাকী মাতৃ।

মৰিগাঁও চহৰখনৰ মাজ মজিয়াত থকা পদপথৰ নলাটোৰ এই অংশ বহু দিন ধৰি উন্মুক্ত হৈ আছিল।

কােলাত শিশুসহ উক্ত পদপথেৰে খোজকাঢ়ি গৈ থাকোতেই উন্মুক্ত নলাটোত শিশুসহ সোমাই যায় মহিলাগৰাকী।

vlcsnap-2022-01-20-16h10m58s258

পিছত কাষেৰে পাৰ হৈ যোৱা লোকসকলে মাতৃ আৰু সন্তানটোক নলাৰ পৰা উদ্ধাৰ কৰে আৰু চিকিৎসাৰ ব্যৱস্থা কৰে।

মৰিগাঁও চহৰৰ মাজ মজিয়াত ইয়াৰ পূৰ্বেও এনেদৰে পদপথৰ উন্মুক্ত নলাত পৰা ঘটনা সংঘটিত হৈছে।

ইয়াৰ পিছতো মৰিগাঁও পৌৰসভাৰ আজিকোপতি গা লৰা নাই।

উল্লেখ্য যে এই ঘটনা দিনৰ ভাগত ঘটাৰ বাবে তথা নলাটােত পানীৰ পৰিমাণ কম থকাৰ বাবে নিশ্চিত বিপদত পৰা ৰক্ষা পৰে শিশুসহ মহিলাগৰাকী।