চাকৰিয়ালৰ যিদৰে দৰমহা বাঢ়ে, সেইদৰে নিয়মমাফিক বিদ্যুতৰ বিল বাঢ়িবইঃ দায়সৰা মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

চাকৰিয়ালৰ যিদৰে দৰমহা বাঢ়ে, সেইদৰে নিয়মমাফিক বিদ্যুতৰ বিল বাঢ়িবইঃ দায়সৰা মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ

September 16, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ এতিয়া প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধ্বিত মূল্যই জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক। এসাজ ভাতৰ যোগাৰ কৰি আন এসাজৰ কথা চিন্তা কৰিবলৈ গৈ হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ আৰু দৰিদ্ৰ জনতাই।

তাৰ ওপৰতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি বিগত কিছু মাহত ৰাজ্যত অকল্পনীয়ভাৱে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল। একেখিনি বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰি যিটো পৰিয়ালে মাহেকত ৩০০-৪০০ টকা বিদ্যুৎ মাচুল পৰিশোধ কৰিছিল, এতিয়া সেই একেটা পৰিয়ালেই পৰিশোধ কৰিবলগীয়া হৈছে হাজাৰ টকা!

কিন্তু মন্ত্ৰী-বিধায়কৰ এই মাচুল বা সামগ্ৰীৰ দাম বৃদ্ধিক লৈ কি আহে যায়। জনতাৰ ধনেৰে খাইছে, জনতাৰ ধনেৰেই বিলাসিতা কৰিছে, জনতাৰ ধনকে আকৌ লুটি পকেট গৰম কৰিছে।

সেয়ে এনে মন্ত্ৰী-বিধায়কৰ মুখত দায়সৰা মন্তব্য শুনিবলৈ পোৱাটো তেনেই সহজ। শেহতীয়াকৈ বিদ্যুৎ বিভাগে এক বিজ্ঞাপন জাৰি কৰি এইবাৰ গৰমৰ বাবেই বিদ্যুৎ মাচুল বৃদ্ধি পোৱা বুলি কৈছিল। এইবাৰ তাতকৈ এখোপ ওপৰলৈ গৈ নিয়মমাফিক বিদ্যুৎ মাচুল বাঢ়িবই বুলি মন্তব্য কৰিলে অসম চৰকাৰৰ সৰ্বজান্তা বহুবল্কী মন্ত্ৰী পীযুষ হাজৰিকাই।

চৰকাৰী চাকৰিয়ালৰ দৰমহা মাহেকত যিদৰে ২০০-৩০০ টকাকৈ বাঢ়ে, সেইদৰে বিদ্যুতৰ মাচুলো নিয়মমাফিক বাঢ়িবই বূুলি মন্তব্য কৰে পীযুষ হাজৰিকাই। অৱশ্যে তেওঁ এয়াও কয় যে যদি মাচুল অত্যাধিক বাঢ়িছে, সেই বিষয়ে তেওঁ নাজানে। এই বিষয়ে নিশ্চয় আলোচনা কৰা হব।

কিন্তু ৰাজ্য চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী হৈ বিদ্যুতৰ মাচুল বৃদ্ধি প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই কৰা এনে দায়সৰা মন্তব্যই স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।