
চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী মহিলা, ডেৰ মাহ চিকিৎসাধীন হৈ থাকি সাৱটিলে মৃত্যুক
July 5, 2022নিউজ ডেস্ক। চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ হাস্পতালত চিকিৎসাধীন হৈছিল খনা ৰায় কাকতি নামৰ মহিলাগৰাকী।
প্ৰায় ডেৰ মাহ হাস্পতালতে মৃত্যুৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে খনা ৰায় কাকতিয়ে।
সোমবাৰে গুৱাহাটীৰ জিএনআৰচি হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে মাটিয়াৰ খনা ৰায় কাকতিয়ে।

উল্লেখ্য যে, ২২ মে’ত এটা চৰকাৰী চাকৰিৰ ইণ্টাৰভিউৰ বাবে মাটিয়াৰ পৰা গোৱালপাৰালৈ সম্পৰ্কীয় ভিনিহিয়েকৰ সৈতে বাইকেৰে গৈ থকা সময়তে বাইকৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছিল খনা ৰায় কাকতি।
তাৰ পিছতে তেওঁক গুৱাহাটীক জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হয়।
কিন্তু হাস্পতালত প্ৰায় ডেৰ মাহ চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পিছতো জীৱন ঘূৰাই পাবলৈ সক্ষম নহ’ল মহিলাগৰাকীয়ে। চিকিৎসাধীন অৱস্থাতে সোমবাৰে মৃত্যুক সাৱটি লয় খনা ৰায় কাকতিয়ে।
মহিলাগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে মাটিয়াত।
লগতে চাওকঃ
মৰ্মান্তিক! ভূঁই ৰুই থকা অৱস্থাতে বজ্ৰপাতত কৰুণ মৃত্যু মহিলাৰ

[…] […]
[…] […]
[…] […]
[…] […]