চাকৰিৰ নামত ধন আত্মসাৎ কৰি ৰঙাঘৰৰ আলহী হ’ল স্বাস্থ্য বিভাগৰ গাণনিক অমৃত গগৈ

নিউজ ডেস্ক। সহজ ধন ঘটাৰ মানসিকতাৰ বাবে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে লৈছে অসৎ পন্থা।

নিতৌ দুৰ্নীতি নিবাৰকৰ অভিযানত উৎকােচ লৈ হাতে-লােটে ধৰা পৰিছে চৰকাৰী বিষয়া-কৰ্মচাৰী।

পুনৰ দুৰ্নীতিৰ আশ্ৰয় লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী বিষয়া।

অৱশ্যে এইবাৰ কাম কৰাৰ বিনিময়ত নহয়, চৰকাৰী চাকৰিৰ দিয়াৰ বিনিময়তহে গ্ৰেপ্তাৰ হ’ল বিষয়াজন।

জানিব পৰা মতে, চৰাইদেউ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়াৰূপে কৰ্মৰত অমৃত গগৈক ধন চাকৰিৰ প্ৰলােভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে সোণাৰি আৰক্ষীয়ে।

বিষয়াজনক কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে সােণাৰি আৰক্ষীয়ে।

অৱশ্যে গ্ৰেপ্তাৰৰ পিছত সাংবাদিকে বিষয়াজনক এই বিষয়ে সােধা প্ৰশ্ন সন্দৰ্ভত মৌনতা অৱলম্বন কৰে মুখ্য গাণনিক বিষয়া অমৃত গগৈয়ে।

লগতে চাওকঃ

ঘােচ লৈ পুনৰ ভিজিলেঞ্চৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত লাটমণ্ডল! নগৰবেৰাৰ পিছত এইবাৰ…