চাঞ্চল্যকৰ! আন যুৱকৰ সৈতে ঠিক হৈছিল প্ৰেমিকাৰ বিয়া, খঙতে প্ৰেসয়ী আৰু মাতৃৰ সৈতে এই কাণ্ড সংঘটিত কৰিলে যুৱকে…

নিউজ ডেস্কঃ দিনৰ পোহৰতে সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে উত্তৰাখণ্ডৰ কুমাওৰ কাশীপুৰত। ব্যৰ্থ প্ৰেমৰ পৰিণতিতে এহাল মাতৃ-কন্যাক চোকা অস্ত্ৰৰে হানি-খুচি নৃশংসভাৱে হত্যা কৰে এজন যুৱকে।

ইফালে এই হত্যাকাণ্ড সংঘটিত কৰি নিজেই আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে হত্যাকাৰীয়ে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

জানিব পৰা মতে, কাশীপুৰৰ মোহল্লা আল্লী খান ইমলি চ’কৰ নিৱাসী ৰয়েছে পত্নী শ্ববানা, কন্যা শিৱা আৰু পুত্ৰ ছাবেজৰ সৈতে বাস কৰে। কৰ্মসূত্ৰে ডুবাইত থাকে ৰয়েছ।

ইফালে একেখন গাঁৱৰে নিৱাসী ছলমান নামৰ যুৱকজনেও ছৌদি আৰৱত ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছে। এমাহ পূৰ্বে ঘৰলৈ অহাৰ সময়ত ৰয়েছৰ কন্যা শিৱাৰ সৈতে প্ৰথমে বন্ধুত্ব আৰু তাৰ পিছত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে ছলমানৰ।

ছৌদি আৰৱলৈ উভতি যোৱাৰ পূৰ্বে ছলমানে শিৱাৰ সৈতে বিবাহ সম্পন্ন কৰিব বিচাৰিছিল যদিও বিয়াৰ বাবে দ্বিধাবোধ কৰে শিৱাই। ইফালে পিছলৈ ছলমানে জানিব পাৰে যে একেখন গাঁৱৰে আন এজনৰ সৈতে শিৱাৰ বিয়া বহু দিন আগতেই ঠিক হৈ আছে।

এই কথা জানিব পাৰিয়েই খঙত অগ্নিশৰ্মা হৈ পৰে প্ৰেমিক ছলমান। বৃহস্পতিবাৰে শিৱাই ড্ৰাইভিং স্কুলৰ পৰা উভতি অহাৰ সময়তে পথত তেওঁক ৰখাই চোকা অস্ত্ৰৰে হানি খুচি নৃশংসভাৱে হত্যা কৰে ছলমানে।

আনহাতে হত্যাকাৰী প্ৰেমিকজনে ইয়াতেই ক্ষান্ত নাথাকি হাতত অস্ত্ৰ লৈ প্ৰৱেশ কৰে শিৱাৰ বাসগৃহতো। আৰু শিৱাৰ মাতৃ শ্বাবানকো নৃশংসভাৱে হত্যা কৰি কোটৱালি আৰক্ষী থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী ছলমানক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ব্যৰ্থ প্ৰেমৰ বাবেই এনেদৰে এহাল মাতৃৃ-কন্যাক হানিখুচি হত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰিছে।