
চাঞ্চল্যকৰ! চিঠি লিখি থৈ একেলগে সন্ধানহীন এখন ঘৰৰ দুগৰাকীকৈ বোৱাৰী, বিচাৰি হাহাকাৰ পৰিয়ালৰ…
August 20, 2022নিউজ ডেস্কঃ একেখন ঘৰৰ দুগৰাকীকৈ বোৱাৰী একেলগে সন্ধানহীন হৈ থকাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাত। জিলাখনৰ আমগুৰি সমষ্টিৰ অন্তৰ্গত গৌৰীসাগৰ পতোৱাচেলাৰ দুগৰাকীকৈ বোৱাৰী সন্ধানহীন হৈ আছে ১৭ আগষ্টৰ পৰাই।
নিৰুদ্দিষ্ট হৈ থকা বোৱাৰী দুগৰাকীৰ পৰিচয় জোনমণি চুতীয়া আৰু মৌচুমী চুতীয়া বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, একেখনৰ ঘৰৰ দুয়োগৰাকী বোৱাৰীৰ স্বামীয়েই কেৰালাৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, ১৭ আগষ্টৰ সন্ধিয়া ৭ বজাৰ পৰাই সন্ধানহীন হৈ আছে জোনমণি আৰু মৌচুমী। জোনমণিৰ মাতৃগৃহ হৈছে লখিমপুৰত। আনহাতে মৌচুমীৰ মাতৃগৃহ যোৰহাটত বুলি জানিব পৰা গৈছে।

ইফালে দুয়োগৰাকী বোৱাৰীয়ে সন্ধানহীন হোৱাৰ সময়ত একোখনকৈ পত্ৰ লিখি থৈ যোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। সন্ধানহীন হোৱাৰ সময়ত মৌচুমী চুতীয়াই তেওঁৰ আঢ়ৈ বছৰীয়া সন্তানটোকো লগত লৈ যায় যদিও জোনমণিয়ে এৰি থৈ যায় তেওঁৰ ৪ বছৰীয়া সন্তানটোক।
দুয়োগৰাকী বোৱাৰী একেলগে সন্ধানহীন হৈ থকা সন্দৰ্ভত ইতিমধ্যে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালে। একেখন ঘৰৰ দুগৰাকী বোৱাৰী এনেদৰে সন্ধানহীন হোৱাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।